NORTHEAST NOW (Assamese)

বিধেয়ক বিচাৰিলেও সোণোৱালৰ ঘোষণা অসমত চিৰদিন খিলঞ্জীয়া মানুহে ৰাজত্ব কৰিব

February 21, 2019 8:03 am · এন ই নাও নিউজ
Updated: February 21, 2019 11:14 am
ধেমাজিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

‘’অসম কেবল খিলঞ্জীয়া লোকৰ বাবে আৰু ভবিষ্যতেও অসমৰ মাটিত খিলঞ্জীয়া লোকসকলে শাসন কৰিব, বহিৰাগতই কেতিয়াও অসমৰ ভূমিপুত্ৰ সকলক দমন কৰিব নোৱাৰিব’’ ধেমাজি জিলাৰ জোনাইত বুধবাৰে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত হোৱা আলি আয়ে লৃগাঙত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।নাগৰিকত্ব সংশোধনী বিধেয়কক সোণোৱাল চৰকাৰখনে সমৰ্থন কৰি থকাৰ সময়তে এনে মন্তব্যই তাৎপৰ্য্য বহন কৰিছে।

অনুষ্ঠানত অংশলৈ সোণোৱালে মিচিং সকলৰ সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰি বিশ্ববাসীৰ আগত তুলি ধৰাৰ বাবে জোনাইত এটা সাংস্কৃতিক ক্ষেত্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে। সোণোৱালে ভাষণত মিচিং সকলক অসমৰ আটাইতকৈ কৰ্মমুখী আৰু সাংস্কৃতিকভাবে চহকী জনজাতি বুলি উল্লেখ কৰি জনজাতিটোৰ যুৱক সকলক ৰাজ্যৰ বাবে দায়বদ্ধতাৰে নেতৃত্ব লবলৈ আহ্বান জনায়।

আনহাতে, জোনাইৰ বহু সংখ্যক লোকৰ এতিয়াও ভূমি পট্টা নথকা প্ৰসংগ উল্লেখ কৰি সোণোৱালে কয় যে ৰাজ্য চৰকাৰে প্ৰায় এক লাখ লোকক এই বছৰতে ভূমি পট্টা দিয়াৰ সিদ্ধান্ত লৈছে।  সেই মৰ্মে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰৰ বাবে গঠন কৰা হৰি শংকৰ ব্ৰহ্ম কমিতিৰ সিদ্ধান্ত সমূহ কাৰ্য্যকৰী কৰা হ’ব যাতে ৰাজ্যত কোনো ভূমিহীন লোক নাথাকে।

উল্লেখযোগ্য যে, অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ভূৱন পেগু, ঋতুপৰ্ণা বৰুৱা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্য্যবাহী পৰমানন্দ চায়েংগিয়া, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্য্যবাহী দিপুৰঞ্জন মাকৰাৰি আৰু মিচিং সাহিত্য সভাৰ সভাপতি বিদ্দেশ্বৰ দলেই।

Related News