NORTHEAST NOW (Assamese)

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

July 7, 2022 7:31 am · জাহ্নৱী বৰুৱা,গুৱাহাটী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে খিলঞ্জীয়া মুছলমানৰ প্ৰসংগত লোৱা কেবিনেট সিদ্ধান্তৰ পাছতেই খিলঞ্জীয়া মুছলমানৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা দিলে ৰকিবুল হুছেইনৰ।

তেওঁ কয় “চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি? চৰকাৰে গোটেই কথা বিলাক বেলেগ ফালে লৈ যাব বিচাৰিছে। গোটেই বিষয়টো তেওঁলোকে ধুৱলী- কুঁৱলী কৰিব বিচাৰিছে। বানপানীৰ কথাবোৰ যাতে ইয়াত আহি নাপাই সেয়েহে এনে কাম কৰি আছে মুখ্যমন্ত্ৰীয়ে।”

“মুখ্যমন্ত্ৰীয়ে আগতে খিলঞ্জীয়াৰ সূত্ৰ নিৰ্ণয় কৰক। এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁৰ কিবা মত বিৰোধ আছে নেকি? কাৰণ কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনত আনুষ্ঠানিক ভাৱে চহী কৰি সিদ্ধান্ত লৈছে যে সকলো ভাৰতীয় লোক খিলঞ্জীয়া। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগতে খিলঞ্জীয়াৰ সংজ্ঞাটো ঠিক কৰি লওক” বুলিও ৰকিবুল হুছেইনে কয়।

Related News