• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 7, 2022 8:59 am
845
VIEWS
Share on FacebookShare on Twitter

সঁচাকৈয়ে ৰিয়েল হিৰ’ বুলি ক’লে যাক কোৱা হয় তেনে এগৰাকী ব্যক্তিতেই পৰিণত হৈছে বিহাৰৰ এগৰাকী অধ্যাপক। বিহাৰৰ নীতিশৱাৰ মহাবিদ্যালয়ৰ হিন্দী বিষয়ৰ অধ্যাপক ড০ লালন কুমাৰে বিগত প্ৰায় দুবছৰ ধৰি শ্ৰেণীত কোনো ছাত্ৰ-ছাত্ৰীকে পাঠদান কৰিব পৰা নাই।

কাৰণ হিন্দী ভাষাৰ শ্ৰেণীলৈ কোনো শিক্ষাৰ্থীয়ে দুবছৰে পাঠগ্ৰহণ কৰিবলৈ অহা নাই। মহাবিদ্যালয় খনৰ প্ৰায় ভাগ শিক্ষাৰ্থীয়েই এনেদৰে শ্ৰেণীত উপস্থিত থকাৰ পৰা বিৰত হৈ আহিছে।

শৈক্ষিক পৰিবেশ বিনষ্ট হৈ পৰা মহাবিদ্যালয় খনত অধ্যাপনা কৰি সেয়ে মুঠেও সুখী নহয় অধ্যাপক ড০ লালন কুমাৰ। সেয়ে দুবছৰে কোনো শিক্ষাৰ্থীকে পাঠদান কৰিব নোৱাৰা অধ্যাপকগৰাকীয়ে সততাৰ পৰিচয় দি তেওঁৰ দৰমহাৰ ২৩ লক্ষাধিক টকা মহাবিদ্যালয় কৰ্তৃপক্ষক ঘূৰাই দিছে। অধ্যাপকগৰাকীৰ এনে মহৎ কাৰ্যই বহুতকে অনুপ্ৰেৰণা যোগাইছে।

যিটো সময়ত বহুতে কাম নকৰাকৈয়ে চৰকাৰী দৰমহা লৈ আছে, তেনে সময়তে ড০ লালন কুমাৰৰ কাৰ্য এক আদৰ্শ হিচাবে পৰিগণিত হৈছে।। শ্ৰেণীত পাঠদান কৰিব নোৱাৰাৰ বাবেই ড০ লালন কুমাৰে ২ বছৰ ৯ মাহৰ সম্পূৰ্ণ দৰমহা ২৩ লাখ ৮২ হাজাৰ ২২৮ টকা কৰ্তৃপক্ষক ঘূৰাই দিছে।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ আৰ কে ঠাকুৰৰ হাতত অধ্যাপকগৰাকীয়ে সেই ধনৰ চেক দিয়ে যদিও পঞ্জীয়কে চেক খন ৰাখিবলৈ অসন্মত হয়। তেতিয়াই অধ্যাপকগৰাকীয়ে চেক গ্ৰহণ নকৰিলে চাকৰিয়েই এৰি দিব বুলি কোৱাত অৱশেষত পঞ্জীয়কে চেক খন গ্ৰহণ কৰে। ৷

এই প্ৰসংগত লালন কুমাৰে কয় ” জাতিৰ পিতা মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ মই অনুগামী, সেয়ে কাম নকৰাকৈ ধন গ্ৰহণ কৰাটো মই মানি ল’ব নোৱাৰো, সেইবাবেই মই দৰমহা ঘূৰাই দিছো।” উল্লেখ্য বিহাৰৰ বৈশালী জিলাৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান ড০ লালন কুমাৰ ।

তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডিও লাভ কৰিছিল। শৈক্ষিক জীৱনত সোণৰ পদক অৰ্জন কৰা লালন কুমাৰে ২৪ ছেপ্টেম্বৰ, ২০১৯ত মহাবিদ্যালয় খনত যোগদান কৰিছিল৷ কিন্তু মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিবেশৰ বাবে তেওঁ এতিয়া দৰমহা ল’ব নোৱাৰা হৈ পৰিছে। লালন কুমাৰে কয় যে যি কোনো মূল্যৰ বিনিময়তে মহাবিদ্যালয় খনৰ শৈক্ষিক পৰিবেশ ঘূৰাই আনিবই লাগিব।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd