উদ্যোগপতি আৰু বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল বাজাজৰ মৃত্যু

Rahul Bajaj passed away

প্ৰখ্যাত উদ্যোগপতি তথা বাজাজ গোটৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল বাজাজৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

ৰাহুল বাজাজে আজি আবেলি ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ অন্তিম সংস্কাৰ দেওবাৰে অনুষ্ঠিত হ’ব।

পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত ৰাহুল বাজাজৰ মৃত্যু হয় বুলি বাজাজ গ্ৰুপৰ এক বিবৃতিত কোৱা হৈছে।

১৯৩৮ চনৰ ১০ জুনত জন্মগ্ৰহণ কৰা ৰাহুল বাজাজে ৪০ বছৰৰো অধিক সময় বাজাজ গোটৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

যোৱা বছৰ এপ্ৰিলত বাজাজ অটোৰ অধ্যক্ষ পদৰ পৰা তেওঁ পদত্যাগ কৰিছিল আৰু বৰ্তমান প্ৰতিষ্ঠানটোৰ অধ্যক্ষ এমিৰিটাছ হিচাপে নিযুক্ত আছিল।

ৰাহুল বাজাজক ২০০১ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল। বাজাজে ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাহুল বাজাজ ৮.২ বিলিয়ন আমেৰিকান ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ বিলিয়নেয়াৰৰ ফৰ্বছ তালিকাত ৪২১ তম স্থানত আছিল।

তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে দেশৰ ৰাজনৈতিক নেতাৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জনাইছে।