NORTHEAST NOW (Assamese)

কৰ’না ভাইৰাছ বিয়পাবলৈ ছচিয়েল মিডিয়াত প’ষ্ট দি গ্ৰেপ্তাৰ হ’ল ইনফ’ছিছৰ কৰ্মচাৰী

March 28, 2020 2:32 pm · এন ই নাও নিউজ
Updated: March 28, 2020 3:56 pm
প্ৰতিনিধিত্বমূলক ফটো

বাংগালুৰু আৰক্ষীয়ে শুকুৰবাৰে জনসাধাৰণক মুকলিলৈ আহি হাঁচিয়াই নভেল কৰ’না ভাইৰাছ বিয়পাই দিবলৈ আহ্বান জনোৱাৰ বাবে ইনফ’ছিছৰ এগৰাকী অভিযন্তাক গ্ৰেপ্তাৰ কৰিছে।

মুজিব মহম্মদ নামৰ ব্যক্তিজনে এটা ফেচবুক প’ষ্টত লিখিছিল,’’আহক একেলগে, বাহিৰলৈ ওলাই গৈ মুকলিকৈ ৰাজহুৱা স্থানত হাঁচিয়াওক। ভাইৰাছটো বিয়পাই দিয়ক।‘’

‘’ৰাইজে বাহিৰলৈ ওলাই আহি হাঁচিওৱা উচিত আৰু ভাইৰাছ বিয়াপাই দিবলৈ কৈ প’ষ্ট দিয়া ব্যক্তিজনক আটক কৰা হৈছে,’’- এক বিবৃতিত বাংগালুৰু আৰক্ষীৰ যুটীয়া আয়ুক্ত সন্দীপ পাটিলে কয়।

‘’তেওঁৰ নাম মুজিব আৰু তেওঁ এটা ছফটৱেৰ কোম্পানীত কাম কৰে,’’-তেওঁ লগতে কয়।

পাটিলে কয় যে মুজিবৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

ইয়াৰ মাজতে শুকুৰবাৰে ইনফ’ছিছে কয় যে মুজিবৰ ছচিয়েল মিডিয়া প’ষ্ট ইনফ’ছিছৰ আচৰণ বিধিৰ বিৰুদ্ধে যোৱাৰ বাবে তেওঁক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে।

Related News