NORTHEAST NOW (Assamese)

যোৰহাটত পথৰ দাতিত পৰি থকা আঘাতপ্ৰাপ্ত ব্যক্তি উদ্ধাৰ

May 22, 2020 5:48 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আজি ৰাতিপুৱা এজন ব্যক্তি মুমুৰ্য অৱস্থাত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

মুখ মণ্ডলত আঘাতৰ চিন থকা ব্যক্তি জন পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰি পথচাৰীয়ে আৰক্ষীক খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰি থকা ব্যক্তি জনক ১০৮ এম্বুলেঞ্চেৰে টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে।

কি পৰিস্থিতিত ব্যক্তি জন এনে দৰে আঘাত প্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থাকিবলগীয়া হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও কোনো বাহনে ব্যক্তি জনক খুন্দিয়াই পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে।

আনহাতে, বাতৰি যুগুত কৰা পৰলৈ ব্যক্তিজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নায়।

Related News