NORTHEAST NOW (Assamese)

অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাণ্ড : এইবাৰ পানী শুকুৱা বাবে বন্ধ কৰিলে ব্ৰহ্মপুত্ৰৰ ফেৰিসেৱা

September 22, 2018 5:15 pm · এন ই নাও নিউজ
Updated: September 22, 2018 5:32 pm

মাত্ৰ এসপ্তাহ পূৰ্বে ব্ৰহ্মপুত্ৰৰ পানী বঢ়া বাবে গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ ফেৰিসেৱা বন্ধ ৰখা অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এইবাৰ ফেৰিসেৱা বন্ধ ৰাখিলে পানী শুকুৱাৰ অজুহাতত।

বিভাগটোৱে আজি হঠাতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড ঘাটৰ ফেৰিসেৱা বন্ধ কৰি দিয়ে। আগতীয়া জাননী অবিহনে এই সেৱা বন্ধ কৰি দিয়াত আজি উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ এই ঘাটেৰে দৈনিক অহা-যোৱা কৰা অনেক লোকৰ বহুত অসুবিধা হয়।

অসুবিধাত পৰা ৰাইজে কিয় হঠাতে ফেৰিসেৱা বন্ধ কৰিছে জানিব বিচৰাত পানী শুকুৱা বাবে ফেৰি চলাচলত অসুবিধা হোৱা বুলি জনায়।

মন কৰিব লগীয়া যে যোৱা ৫ ছেপ্তেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতে ভটভটীৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ কৰি দিছিল চৰকাৰে। অসুবিধাবোৰ দূৰ কৰাৰ পৰিৱৰ্তে আৰু কোনো বিকল্পৰ কথা চিন্তা নকৰাকৈ এটা দুৰ্ঘটনাৰ প্ৰতিব্যৱস্থা হিচাপে সকলো ভটভটীৰ চলাচল বন্ধ কৰাটো চৰকাৰৰ দায়িত্বহীনতাৰ উদাহৰণ বুলি ইতিমধ্যে বিভিন্নজনে মত প্ৰকাশ কৰিছে।

আনহাতে ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়াও পানী যথেষ্ট গভীৰ হৈ থকা সত্ত্বেও ফেৰিসেৱা বন্ধ কৰাটোতো চৰকাৰৰ আন এক দায়িত্বহীনতা বুলি সমালোচনা কৰিছে দুৰ্ভোগ ভোগা উত্তৰ গুৱাহাটীৰ ৰাইজে। তেওঁলোকে কয় যে এতিয়াই যদি ফেৰিসেৱা বন্ধ কৰিব লগীয়া হৈছে, তেন্তে বাৰিষাৰ শেষত এটাও ঘাটৰ পৰা ফেৰিসেৱা নচলাৰ সম্ভাৱনাই বেছি।

Related News