NORTHEAST NOW (Assamese)

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

May 8, 2025 7:30 pm · এন ই নাও নিউজ, নতুন দিল্লী

ভাৰত-পাক উত্তেজনাৰ মাজতে নৌসেনাৰ হাতলৈ আহিছে নতুন যুদ্ধ জাহাজ INS Arnala। এই যুদ্ধ জাহাজ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মিত। তুলনামূলকভাৱে সৰু এই জাহাজখনে দেশৰ নৌসেনাক ছাবমেৰিনৰ বিৰুদ্ধে যুঁজত সহায় কৰিব। জাহাজখনৰ দৈৰ্ঘ্য ৭৭.৬ মিটাৰ আৰু বহল ১০.৫ মিটাৰ।

উল্লেখ্য যে এই জাহাজখন ব্যক্তিগত সংস্থাৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰা হৈছিল। যিটো দেশৰ যুদ্ধজাহাজ নিৰ্মাণৰ ইতিহাসত প্ৰথম। এল এণ্ড টি কাটুপালিয়ে জি আৰ এছ ইৰ সৈতে যৌথভাৱে এই কাম কৰিছে। এই প্ৰকল্পৰ অধীনত মুঠ ১৬ খন এনে যুদ্ধ জাহাজ নিৰ্মাণ কৰা হৈছে। বৃহস্পতিবাৰে নৌসেনাক গতাই দিয়া হয় আই এন এছ আৰ্নালা।

জনা যায় যে জাহাজখন নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ ৮৮ শতাংশ দেশীয়। আকাৰত সৰু হ’লেও এই জাহাজখন যথেষ্ট কাৰ্যক্ষম। এই জাহাজখন সাগৰতকৈ অগভীৰ অঞ্চলত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ লগত লঘু টৰ্পিডো, এণ্টি ছাবমেৰিন ৰকেট আৰু তিনিটা ‘ৱাটাৰ জেট’ সংলগ্ন কৰা হৈছে। দক্ষতা, গতি আৰু নিপুনতা এই ধৰণৰ যুদ্ধজাহাজৰ বিশেষ বৈশিষ্ট্য।

Related News