ৰাজ্যত সংঘটিত বীমা কেলেংকাৰি : বৰপেটাত বীমা এজেন্ট দুজন ভাতৃক গ্ৰেপ্তাৰ

6ce31343-72b3-431e-bfab-1b45013711aa

বৰপেটাত গ্ৰেপ্তাৰ হোৱা বীমা এজেন্ট দুই ভাতৃ। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কৌটি টকীয়া বীমা কেলেংকাৰিৰ সৈতে জড়িত  থকাৰ অভিযোগত বৰপেটাত আজি পুনৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷ বীমা কেলেংকাৰি গোচৰত তদন্ত অব্যাহত ৰখা বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এচ আই টিৰ দলে বৰপেটাৰোডৰ পৰা বীমা এজেন্ট দুই ভাতৃক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ভাতৃ ক্ৰমে হৰমুজ আলী আৰু আমজাদ আলী বুলি জানিব পৰা গৈছে ৷ দুই ভাতৃৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়াত ৷ দুই ভাতৃয়ে মৃত ব্যক্তিৰ নামত বীমা পলিচি কৰি ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

দুয়োজন ভাতৃয়ে জিলাখনৰ পাতলিকুছি গাঁৱৰ মইনুদ্দিন আহমেদ নামৰ এজন লোকৰ মৃত্যুৰ পিচত বীমা পলিচি কৰিছিল ৷ মৃত মইনুদ্দিন আহমেদৰ নামত বিৰলা চানলাইফ ইঞ্চুৰেঞ্চ কোম্পানীত ১০ লাখ ৪৯ হাজাৰ টকাৰ বীমা পলিচি কৰি মৃত্যুৰ ভূৱা প্ৰমানপত্ৰৰে সমুদায় ধন আত্মসাৎ কৰা বুলি অভিযোগ উঠিছে ৷

উল্লেখ্য যে,  বীমা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰপেটাত দুজন চৰকাৰী চিকিৎসক, এজন চৰকাৰী গাঁওবুঢ়াসহ ৯ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰে ৭ জন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে বিয়াগোম বীমা কেলেংকাৰিটো সন্দৰ্ভত ৰাজ্যৰ চোৰাংচোৱা বিভাগেও নিজাববীয়া তদন্ত চলাই আছে ৷