তীব্ৰ গ্ৰীষ্মপ্ৰবাহ! আপেলৰ দৰে গছৰ পৰা পৰি পৰি মৃত্যুমুখত পৰিছে শতাধিক হলৌ বান্দৰ

গ্ৰীষ্মৰ প্ৰবাহত জ্বলিছে সমগ্ৰ বিশ্ব। ভাৰতৰ লগতে বিশ্বৰ প্ৰায় সকলো দেশতেই গৰমে ধাৰণ কৰিছে তীব্ৰ ৰূপ।  

লেতিন আমেৰিকান দেশ মেক্সিকোতো গৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে।  তীব্ৰ গৰম সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰিছে শতাধিক হলৌ বান্দৰ।

জানিব পৰা মতে, যোৱা ৪ মে’ৰ পৰা ২৮ মে’ৰ ভিতৰত কমেও ১৫০ টা হলৌ বান্দৰৰ মৃত্যু হৈছে দেশখনত।

মেক্সিকোৰ টাবাস্কো ৰাজ্যত মৃত অৱস্থাত উদ্ধাৰ হৈছে কমেও ৮৩টা হলৌ বান্দৰ। লগতে অসুস্থ অৱস্থাত উদ্ধাৰ হৈছে বহু অসুস্থ বান্দৰ। অসুস্থ কেইবাটাও বান্দৰক পশু চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছে।

পশু চিকিৎসক ডা. ছাৰ্জিঅ’ ভেলেনজুৱেলাই কয়, ‘বান্দৰ সমূহ সংকটজনক অৱস্থাত অনা হৈছিল। তেওঁলোক ডিহাইড্ৰেচন আৰু জ্বৰত আক্ৰান্ত হৈছিল। বান্দৰবোৰ সম্পূৰ্ণ নিস্তেজ হৈ পৰিছিল। তেওঁলোকৰ হিটষ্ট্ৰ’ক হৈছিল।

উল্লেখ্য যে গৰমৰ ফলত মেক্সিকোত কমেও ২৬ জন লোকৰ মৃত্যু হৈছে। পশু চিকিৎসক আৰু উদ্ধাৰকাৰীসকলে জনোৱা মতে, মানুহৰ উপৰিও শ শ হলৌ বান্দৰৰ গৰমৰ ঢৌত মৃত্যু হৈছে।

বন্যপ্ৰাণী জীৱবিজ্ঞানী গিলবাৰ্ট’ প’জ’ৱে জনোৱা মতে,  জ্বৰ আৰু ডিহাইড্ৰেচনত ভোগা বান্দৰবোৰ অচেতন হৈ আপেলৰ দৰে গছৰ পৰা সৰি পৰিছিল আৰু মুহূৰ্ততে মৃত্যুমুখত পৰিছল।

প’জোৱে কয় যে অত্যন্ত গৰম, খৰাং, বনজুই, খাদ্য আৰু পানীৰ অভাৱকে ধৰি কেইবাটাও কাৰণত বান্দৰবোৰৰ মৃত্যু হৈছে।