ওদালগুৰিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজ

Screenshot_20181028-112916-01

ফটো : নৰ্থ-ইষ্ট নাও

ওদালগুৰিৰ কেইজনমান উদ্যোগী যুৱকে শনিবাৰে ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ইণ্টাৰ স্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ‘চিগমা’ বেনাৰৰ সহায়ত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে শিক্ষা প্ৰতিষ্ঠানখনৰে অধ্যক্ষ ফাদাৰ ৰঞ্জিতে।

মহকুমা পৰ্যায়ত অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতাখনত ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায়। প্ৰতিযোগিতাখন পৰিচালনা কৰে কুইজমাষ্টাৰ শংকৰজ্যোতি দত্তই।

প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভেৰগাঁও মহকুমা বিষয়া দিঠকানন্দ হাজৰিকাই কয় যে কুইজ প্ৰতিযোগিতা হৈছে এনে এখন প্ৰতিযোগিতা যিয়ে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰাৰ লগতে ইজনৰ পৰা সিজনে গুৰুত্বপূৰ্ণ জ্ঞানৰ লগতে অভিজ্ঞতা সমূহৰ বিষয়ে জানিব পাৰে।

আনহাতে বিশিষ্ট অসমীয়া চুটিগল্প লেখক জয়ন্ত চক্ৰৱৰ্তীয়েও উক্ত প্ৰতিযোগিতাখনত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। তেওঁ কয় যে আগৰ প্ৰজন্মৰ তুলনাত বৰ্তমানৰ প্ৰজন্মই কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাত অংশ লোৱাৰ বিপৰীতে ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেট জগততে অধিক সময় অতিবাহিত কৰে।

প্ৰতিযোগিতাখনত টংলাস্থিত নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজৰ অনুৰাগ ভূৰা, শুভ দে আৰু ভিক্টৰছন ৰাভাই শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। আনহাতে টংলাৰে অক্সিলাম কনভাৰ্ট হাইস্কুল আৰু নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।