সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি

PallaviSharma

পল্লৱী শৰ্মা। ফাইল ফটো।

এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত ২২জন কাৰাবন্দী বিষয়াক ন্যায়িক জিম্মাৰ ম্যাদ ওকলাৰ পিছত আদালতে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে একেলগে গ্ৰেপ্তাৰ হোৱা বিজেপিৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাৰ অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিলে আদালতে।

দেউতাকৰ অসুখৰ বাবে চিকিৎসাত সহযোগ কৰিব লাগে বাবে মানৱীয়তাৰ আধাৰত এ পি এছ বিষয়া পল্লৱী শৰ্মাক যোৱা ১ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন দিছিল।

পল্লৱীৰ এই জামিন মাত্ৰ ১৪ দিনৰ বাবে থকাৰ উপৰি কঠোৰ চৰ্ত-আৰোপিত আছিল। কিন্তু ১৩ আগষ্টত একেই যুক্তিত একে ধৰণৰ চৰ্তেৰে পল্লৱী শৰ্মাৰ জামিন অহা ২০ আগষ্টলৈ বৃদ্ধি কৰিছে ন্যায়ালয়ে।

আনহাতে উক্ত দিনটোতে আৰক্ষীয়ে ন্যায়ালয়ত দাখিল কৰিব অভিযুক্ত আৰু কাৰাৰুদ্ধ বিষয়াগৰাকীৰ কেছ ডায়েৰি। কেছ ডায়েৰিৰ উপৰি আৰক্ষীক আদালতে চিকিৎসাধীন সাংসদ আৰ পি শৰ্মাৰ চিকিত্‍সা সম্পৰ্কীয় শেহতীয়া তথ্য দাখিলৰো নিৰ্দেশ দিছে। জানিব পৰা মতে, তাৰ বাবে কলকাতালৈ গৈ সাংসদগৰাকীৰ চিকিৎসা সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰাৰ নিৰ্দেশ দিছে তদন্তকাৰী বিষয়াক।