শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখাৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বহুভাষিক ৱেব-সন্মিলনৰ আয়োজন

Untitled-1-4

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিশ্বজনীন ধৰ্ম, দৰ্শন আৰু আদৰ্শক সমগ্ৰ বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ উদ্যোগত আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ “শঙ্কৰদেৱ অধ্যয়ন বিভাগ” আৰু “অসমীয়া বিভাগ”ৰ সহযোগত অহা ১৬ অক্টোবৰ, ২০২০ তাৰিখে এখন আন্তঃৰাষ্ট্ৰীয় বহুভাষিক ৱেব-সন্মিলন আয়োজন কৰা হৈছে।

অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় বহুভাষিক ৱেব-সন্মিলনখনিৰ বিষয় হৈছে “মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ বিশেষত্ব, মহত্ব আৰু বিশ্বজনীনতা”৷

সন্মিলনখনৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈয়ে৷

বন্তি প্ৰজ্বলনৰ পিছতে বৰগীত পৰিৱেশন কৰিব বিশিষ্ট শিল্পী পৰিস্মিতা ফুকনে৷সন্মিলনৰ মুখ্য সমন্বয়ক ডঃ মানস প্ৰতীম বৰাই আঁত ধৰিবলগীয়া এই সন্মিলনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তৰফৰ পৰা সমূহ অংশগ্ৰহণকাৰীক সম্বোধন কৰিব প্ৰধান সম্পাদক বাবুল বৰাই৷

আদৰণী ভাষণ প্ৰদান কৰিব সন্মিলনৰ আয়োজক সমিতি তথা সাহিত্য শাখা সমিতিৰ সম্পাদক মৃণাল কুমাৰ বৰুৱাই।

বৰেণ্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অধ্যাপক ডঃ নগেন শইকীয়াই উদ্বোধনী ভাষণ প্ৰদান কৰিবলগীয়া সন্মিলনখনিত সমল ব্যক্তি হিচাপে ভাষণ প্ৰদান কৰিব গুজৰাটৰ নিবাসী, বিশিষ্ট গৱেষক-পণ্ডিত গৌতম পেটেল আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ অধ্যয়ন বিভাগৰ মূৰব্বী অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ বৰাই৷

সন্মিলনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰনাথ ডেকা৷

উল্লেখ্য যে বৰ্তমানলৈকে চৰিশগৰাকী অংশগ্ৰহণকাৰীয়ে এই সন্মিলনত নাম পঞ্জীয়ন কৰিছে৷ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ডিজিটেল মাধ্যম zoom প্ৰেটফৰ্মত এই সন্মিলনখনি অনুষ্ঠিত হ’ব বুলি আয়োজক সকলে জানিবলৈ দিছে৷