দিশপুৰ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

International Women's Day celebrated at Dishpur College

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৮ মাৰ্চ তাৰিখ মংগলবাৰে দিশপুৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত নাৰী দিৱসৰ কাৰ্যসূচী অতি উলহ মালহেৰে উদযাপিত হয়।

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নাৰী দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লণ্ডনস্থ প্রবাসী অসমীয়া, বিশিষ্ট স্তম্ভ লেখক, সমাজকৰ্মী তথা চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মা।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্য অতিথি ডাঃ জয়ন্ত বিশ্ব শৰ্মাই আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য আলোচনা কৰে।

সমাজত প্রচলিত হৈ থকা বদ্ধমূল মধ্যযুগীয়া ধ্যান ধাৰণাৰ পৰা আঁতৰি আহি সংস্কাৰ মুখী হ’বলৈ আজিৰ সমাজক তেওঁ আহ্বান জনায়।

তেখেতে ভাষণ প্ৰসংগত স্বাৰ্থপৰ মনোভাব, কুসংস্কাৰ তথা একঘেয়ামী মনোভাব পৰিত্যাগ কৰি আধুনিক দৃষ্টিভংগীৰ প্ৰতি আকৰ্ষিত হ’বলৈ নৱ প্ৰজন্মক আহ্বান জনায়।

নৱনিযুক্ত অধ্যক্ষ ড৹ নৱজ্যোতি বৰাই আদৰণি ভাষণত মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰী চিকিৎসাজনিত বীমাকৰণকে আদি কৰি সকলোধৰণৰ সম্ভৱপৰ বৰ্ধিত কাৰ্য্যাৱলীৰে আগবঢ়াই নিবলৈ আটাইকে আহ্বান জনায়।

মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ মালৱিকা ভট্টাচাৰ্যাই আঁতধৰা অনুষ্ঠানটিৰ আৰম্ভণি হয় ছাত্ৰী সীমাজ্ৰী শৰ্মাৰ সৰস্বতী বন্দনাৰে।

মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে মহিলা কোষৰ আহ্বায়িকা ড৹ মনালিছা ভট্টাচাৰ্য্যৰ তত্বাৱধানত আয়োজিত হস্ত নিৰ্মিত আৰু ঘৰুৱা ভাবে উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা অনুষ্ঠিত হয়।