NORTHEAST NOW (Assamese)

অসময়ীৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধান মন্ত্ৰী মোদীৰ যোগাসন

June 21, 2019 8:18 am · এন ই নাও নিউজ

অসমীয়াৰ হেঁপাহৰ গামোচাক বহুবাৰ প্ৰশংসা কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত পুনৰ দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তত আজি যোগ দিৱস পালন কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে বিদেশতো পালন কৰা হৈছে এই যোগ দিৱস।

এই অনুসৰি ৰাঁচীত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ধুৰ্বাস্থিত প্ৰভাত তাৰা খেলপথাৰত প্ৰায় ৪০ হাজাৰ লোকৰ সৈতে একেলগে যোগাসনত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে।

যোগাসনৰ সময়ত মোদীৰ ডিঙিত দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা। ডিঙিত গামোচা লৈ যোগাসনত অংশ ল’লে প্ৰধান মন্ত্ৰীগৰাকীয়ে।

প্ৰতিজন অসমীয়াৰ দৰেই প্ৰধান মন্ত্ৰী মোদীৰো অতিকে আপোন এই গামোচা। পূৰ্বেও যোগাসনৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত অসমীয়াৰ অতিকে হেঁপাহৰ গামোচাখন ডিঙিত লোৱা দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীক।

আনকি অভিনেতা অক্ষয় কুমাৰে নিৰ্বাচনৰ সময়ত লোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা সাক্ষাৎকাৰত আলোচনা প্ৰসংগত অসমীয়াৰ গামোচাক প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰশংসা কৰিছিল।

Related News