লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

APSC scam

অভিযুক্তৰ শ্ৰেণী বিভাজন কৰি একাংশ অপৰাধীৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰাৰ লগতে এপিএছচি কেলেংকাৰিৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াই এটা পৰিধিৰ মাজত সোমাই পৰিছে।

এই অভিযোগ তুলিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। ডি ৱাই এফ আই- এ লগতে তদন্ত প্ৰক্ৰিয়াৰ বাহিৰত ৰৈ যোৱা সকলকো শীঘ্ৰে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

সংগঠনটোৱে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তদন্ত কৰিবলৈ বাধ্য হোৱা অসম চৰকাৰে আৰম্ভণিৰে পৰা তদন্তৰ উপৰি তদন্ত, কমিটিৰ উপৰি কমিটি কৰাৰ নামত ধনৰ বিনিময়ত চাকৰি লোৱা একাংশ বিষয়াক বচাবলৈ চেষ্টা কৰা বুলিহে সন্দেহ সৃষ্টি হৈছে।

“এই সময়ত দুটা ডাঙৰ প্ৰশ্ন সন্মুখলৈ আহিছে- ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা বিষয়াসকলৰ ক্ষেত্ৰত শ্ৰেণী বিভাজন কৰা হৈছে কিয়? দ্বিতীয়তে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ইমান ভয় কিয়?”— এক বিবৃতি যোগে সংগঠনটোৱে কয়।

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল বুলিও দাবী কৰে ডি ৱাই এফ আয়ে।ইয়াৰ মাজতে সচিবৰ জৰিয়তে আয়োগে প্ৰতিবেদন দাখিল কৰিছিল বুলি উল্লেখ কৰে সংগঠনটোৱে।

“এই প্ৰতিবেদনত ভয়ংকৰ জালিয়াতিৰ কথা উল্লেখ থকা বুলি প্ৰকাশ হৈছিল। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এপিএছচি পৰীক্ষাত প্ৰশ্ন কাকত প্ৰস্তুতৰ পৰা আৰম্ভ কৰি সাক্ষাৎকাৰ(viva) লোৱা লৈকে প্ৰতিটো স্তৰতে দুৰ্নীতি-অনিয়ম সংঘটিত হৈছিল।”— ডি ৱাই এফ আয়ে কয়।

কিন্তু আচৰিতভাৱে আজিলৈ কোনো অদৃশ্য শক্তিৰ প্ৰভাবত আৰক্ষী এই সমগ্ৰ পৰীক্ষা ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ মুল্য ব্যক্তি মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ কাষ চাপিব পৰা নাই বুলি ডি ৱাই এফ আয়ে অভিযোগ কৰে।

ইয়াৰ মাজতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰাৰ বিষয়াসকলৰ মাজৰে কিছু সংখ্যকক নিলম্বন আৰু কিছু সংখ্যকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰাজনৈতিক প্ৰভাব তথা ক্ষমতাৰ বলত একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ তোলে সংগঠনটোৱে।

এনে এৰা-ধৰা তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে বিয়োগম কেলেংকাৰিটো যৱনিকা পেলাব বিচাৰিছে বুলি ডি ৱাই এফ আয়ে সন্দেহ প্ৰকাশ কৰে। ডি ৱাই এফ আইৰ মতে, এই সমগ্ৰ দুৰ্নীতি আৰু কেলেংকাৰি প্ৰক্ৰিয়াটোত উচ্চ পদস্থ আৰক্ষী বিষয় আনকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছে।

কেৱল কেইজনমান প্ৰাৰ্থীৰ টকাৰ বিনিময়ত নম্বৰ বঢ়াই দিয়াই নহয় বৰং সমগ্ৰ পৰীক্ষা পদ্ধতিটোৱে “প্ৰণালীবদ্ধ অনিয়ম” (Systemic illegalities) সংঘটিত হোৱা বুলি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই প্ৰতিবেদন দিছিল বুলি আঙুলিয়াই দিয়ে সংগঠনটোৱে।

অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ মৰা নীতি লোৱা বুলি অভিযোগ কৰি ডি ৱাই এফ আইয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এনে পক্ষপাতিত্বমূলক আৰু অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ বিষয়টো যুৱ-ছাত্ৰ তথা ৰাইজৰ মাজলৈ লৈ যোৱাৰ কথা ঘোষণা কৰিছে।