NORTHEAST NOW (Assamese)

ঘোচ দিয়া-লোৱা কৰোঁতেই চি বি আইৰ ফান্দত পৰিল মহিলাসহ ভাৰতীয় তেল নিগমৰ মহাপ্ৰবন্ধক

February 12, 2019 8:02 pm · অনিৰ্বাণ পাঠক
ঘোচ লৈ চি বি আইৰ জালত পৰা ভাৰতীয় তেল নিগমৰ মহাপ্ৰবন্ধক (বিক্ৰী) দিব্যজ্যোতি দত্ত। ফটো : য়ু বি।

ঘোচ দিয়া-লোৱাৰ এটা ঘটনাত ধৰা পৰিল ভাৰতীয় তেল নিগমৰ এগৰাকী মহাপ্ৰবন্ধক। চি বি আয়ে পতা জালত ভৰি দিয়া মহাপ্ৰবন্ধকজনৰ নাম দিব্যজ্যোতি দত্ত আৰু তেওঁ বিক্ৰী (sales) শাখাৰ দায়িত্বত আছে।

১১ ফেব্ৰুৱাৰিত মহানগৰীৰ ৰুক্মিণীগাঁৱৰ শ্বুলিন গ্ৰাণ্ড নামৰ হোটলত চলোৱা অভিযানটোত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বিষয়াজনৰ লগতে ঘোচ দিব খোজা বেং ডাংগ্ৰ আও নামৰ ডিমাপুৰৰ মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰে।

দুয়োকে আজি মহানগৰীৰ চানমাৰিত থকা চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাই পুনৰ নিজৰ জিম্মাত লয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

জানিব পৰা মতে, বিষয়াজনে মহিলাগৰাকীৰ পৰা নাগালেণ্ডৰ টুলিত এটা পেট্ৰল পাম্পৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ বিনিময়ত এই উৎকোচ বিচাৰিছিল।

কিন্তু দীৰ্ঘ দিনৰ পৰা চি বি আয়ে সন্দেহৰ আৱৰ্তত ৰখা বিষয়াজনৰ ফোন টেপিং কৰি আহিছিল। গতিকে ঘোচ দিয়া-লোৱাৰ বন্দৱস্তৰ বিষয়ে জানিব পাৰি পূৰ্বৰে পৰা সাজু হৈ থকা চি বি আইৰ দুৰ্নীতি নিবাৰক শাখাই দুয়োকে গ্ৰেপ্তাৰ কৰে।

বিষয়াজনক গ্ৰেপ্তাৰৰ পাছতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আবেলিৰে পৰা ওৰে নিশা তেওঁৰ পাঞ্জাবাৰীৰ নীলগিৰি পথত থকা বাসভৱনতো তালাচী চলায়। তালাচীৰ সময়ত তিনিলাখ টকা আৰু কিছু নথি-পত্ৰ জব্দ কৰে।

Related News