NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা : ত্ৰিপুৰাত মিত্ৰতা ভংগৰ হুংকাৰ আইপিএফটিৰ

January 10, 2019 11:58 pm · এন ই নাও নিউজ
আইপিএফটি নেতৃত্ব। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দল তথা জাতীয় সংগঠনসমূহ সৰৱ হৈ থকাৰ মাজতে ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মিত্ৰজোঁটৰ অংশীদাৰ আইপিএফটিয়ে মিত্ৰতা ভংগৰ হুংকাৰ দিছে।

অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ পৰা অগপই মিত্ৰতা ভংগ কৰাৰ পাছত ত্ৰিপুৰাতো আইপিএফটিয়ে মিত্ৰতা ভংগৰ হুংকাৰ দিয়াটোৱে স্বাভাৱিকতে প্ৰস্তাৱিত বিধেয়কখনক লৈ উত্তৰ-পূৰ্বাঞ্চলত এক নতুন জাগৰণৰ ইংগিত দাঙি ধৰিছে।

ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মিত্ৰ দল আইপিএফটিয়ে বহু বিতৰ্কিত বিধেয়কখন শীঘ্ৰেই বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ আগত দলটোৰ সাধাৰণ সম্পাদক শুক্লা নোৱাটিয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি প্ৰয়োজনত মিত্ৰতা ভংগৰ ইংগিত দিয়ে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত মাত মাতি অহা আইপিএফটি দলে অসমৰ আঞ্চলিক দল অগপৰ দৰে খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

নাগৰিকত্ব বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি আছুকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ছাত্ৰ সংগঠনবোৰেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

Related News