• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা : ত্ৰিপুৰাত মিত্ৰতা ভংগৰ হুংকাৰ আইপিএফটিৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , January 10, 2019 11:58 pm

1 min read

ipft-land

আইপিএফটি নেতৃত্ব। ফাইল ফটো

285
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দল তথা জাতীয় সংগঠনসমূহ সৰৱ হৈ থকাৰ মাজতে ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মিত্ৰজোঁটৰ অংশীদাৰ আইপিএফটিয়ে মিত্ৰতা ভংগৰ হুংকাৰ দিছে।

অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ পৰা অগপই মিত্ৰতা ভংগ কৰাৰ পাছত ত্ৰিপুৰাতো আইপিএফটিয়ে মিত্ৰতা ভংগৰ হুংকাৰ দিয়াটোৱে স্বাভাৱিকতে প্ৰস্তাৱিত বিধেয়কখনক লৈ উত্তৰ-পূৰ্বাঞ্চলত এক নতুন জাগৰণৰ ইংগিত দাঙি ধৰিছে।

ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মিত্ৰ দল আইপিএফটিয়ে বহু বিতৰ্কিত বিধেয়কখন শীঘ্ৰেই বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ আগত দলটোৰ সাধাৰণ সম্পাদক শুক্লা নোৱাটিয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি প্ৰয়োজনত মিত্ৰতা ভংগৰ ইংগিত দিয়ে।

উল্লেখযোগ্য যে ত্ৰিপুৰাত খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত মাত মাতি অহা আইপিএফটি দলে অসমৰ আঞ্চলিক দল অগপৰ দৰে খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

নাগৰিকত্ব বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি আছুকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ছাত্ৰ সংগঠনবোৰেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd