৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেলত জয়ৰ ধাৰা অব্যাহত ৰাখিছে এ এছ ই বি স্প’ৰ্টছ ক্লাব আৰু গুৱাহাটী চিটি এফ চিয়ে। শুকুৰবাৰে উত্তৰ গুৱাহাটীৰ ফুলুঙস্থিত জি টি চি ফুটবল একাডেমীৰ খেলপথাৰত অনুষ্ঠিত দুখন খেলতে দুয়োটা দলে ৩-০ গ’লৰ ব্যৱধানত জয় সাব্যস্ত কৰে।
দিনটোৰ প্ৰথমখন খেলত এ এছ ই বি স্প’ৰ্টছ ক্লাবে গিৰিজানন্দা স্প’ৰ্টছ ক্লাবক ৩-০ গ’লত পৰাস্ত কৰে। খেলখনৰ ৩১ মিনিটত এছ বসুমতাৰীয়ে প্ৰথমটো গ’ল কৰি এ এছ ই বিক অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পিছত ৫৬ মিনিটত পি দেউৰীয়ে দ্বিতীয়টো আৰু ৭১ মিনিটত চি বৰ্মনে তৃতীয়টো গ’ল কৰি দলটোৰ জয় নিশ্চিত কৰে।
দিনটোৰ দ্বিতীয়খন খেলত গুৱাহাটী চিটি এফ চিয়ে গ্ৰীণফিল্ড এফ চিক একেই ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ ৩৩ মিনিটত এল খাৰপুইয়ে গ’ল কৰি গুৱাহাটী চিটি এফ চিক অগ্ৰগতি দিয়ে। পৰৱৰ্তী সময়ত এছ ৰাপছাঙে খেলৰ ৭০ আৰু ৮৩ মিনিটত দুটাকৈ গ’ল কৰি দলটোক ৩-০ গ’লৰ ব্যৱধানত জয়ী কৰায়।
ইফালে, কাইলৈ প্ৰতিযোগিতাৰ অন্তৰ্গত দুখন খেল অনুষ্ঠিত হ’ব। পুৱা ১১ বজাত ডি বি আই স্প’ৰ্টছ ক্লাবে অসম আৰক্ষীৰ বিৰুদ্ধে খেলপথাৰত নামিব। আনহাতে, দিনৰ ১ বাজি ৩০ মিনিটত ৱাৰিয়ৰ্ছ এফ চি ইণ্ডিয়াই হক ফুটবল একাডেমীৰ মুখামুখি হ’ব।
উল্লেখ্য যে, গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসমৰ জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অসম ক্ৰিকেট সন্থাই পৃষ্ঠপোষকতা আগবঢ়াইছে।





