আই পি এলৰ পৰা বাহিৰ হ’ল ভুৱনেশ্বৰ কুমাৰ আৰু অমিত মিশ্ৰ

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি অত্যন্ত ৰোমাঞ্চকৰ হৈ উঠাৰ সময়তে আঘাতৰ সমস্যাই শলঠেকত পেলাইছে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছক।

আঘাতৰ বাবে চলিত বৰ্ষৰ আই পি এলৰ পৰা বাহিৰ হ’ব লগা হৈছে ছানৰাইজার্ছ হায়দৰাবাদৰ মুখ্য বলাৰ ভুৱনেশ্বৰ কুমাৰ আৰু দিল্লী কেপিটেলছৰ স্পিনাৰ অমিত মিশ্ৰ।

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত হোৱা নিতম্বৰ আঘাতৰ বাবে বাহিৰ হ’ব লগা হৈছে ভুৱনেশ্বৰ কুমাৰ।

চলিত ছিজনত ভুৱনেশ্বৰ কুমাৰে ৪ খন খেলত ৮৫ টা বল কৰি ৯৯ ৰানত ৩ টা উইকেট দখল কৰিছে।

আনহাতে দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ হোৱা আই পি এল ইতিহাসৰ অন্যতম সফল স্পিনাৰ অমিত মিশ্ৰ হাতৰ সিৰৰ আঘাতৰ বাবে বাহিৰ হ’ব লগা হৈছে।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত হোৱা অমিত মিশ্ৰই ৩ খন খেলত ৬০টা বল দি ৭২ ৰান খৰছ কৰি ৩টা উইকেট দখল কৰিছিল।