Iran arrests Oscar-winning actress Taraneh Alidoosti মাচা আমিনীৰ মৃত্যুক লৈ হোৱা প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ইৰানৰ অস্কাৰ বিজয়ী প্ৰসিদ্ধ অভিনেত্ৰী তাৰানেহ আলিদাস্তিক। শনিবাৰে দেশৰ চৰকাৰী সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছে। প্ৰসিদ্ধ ইৰাণী অভিনেত্ৰীগৰাকী অস্কাৰ বিজয়ী ছবি ‘দ্য চেলচমেন’ৰ দ্বাৰা চৰ্চালৈ আহিছিল।
মাচা আমিনী নামৰ এগৰাকী কুৰ্দি ছোৱালীৰ মৃত্যুৰ পিছত হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মৃত্যুদণ্ড দিয়া এজন প্ৰতিবাদকাৰীৰ বিষয়ে আলিদাস্তিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। কৰ্তৃপক্ষই তেতিয়া তেওঁক “মিছা তথ্য প্ৰচাৰ” কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰণা-ই জনাইছে যে প্ৰতিবাদকাৰীসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ এসপ্তাহ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
ইৰাণী অভিনেত্ৰীগৰাকীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল, “তেওঁৰ নাম মোহসেন চেকাৰী। যিবোৰ আন্তৰ্জাতিক সংগঠনে এনে ৰক্তপাত চাই আছে আৰু কোনো পদক্ষেপ লোৱা নাই সেইবোৰ মানৱতাৰ বাবে লজ্জাজনক।‘’ শনিবাৰৰ পৰা আৰু আলিদাস্তিৰ একাউণ্টটো দৃশ্যমান হোৱা নাই।
আনহাতে, স্থানীয় সংবাদ মাধ্যম ইছনা-ই প্ৰকাশ কৰিছে যে ছ’চিয়েল মিডিয়াত দিয়া বিবৃতিৰ সমৰ্থনত কোনো প্ৰমাণ প্ৰদান নকৰাৰ বাবে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখ্য যে ২০২০ চনত অভিনেত্ৰীগৰাকীক পাঁচ মাহৰ কাৰাদণ্ড দিয়া হৈছিল। সেই সময়ত এগৰাকী মহিলাই তেওঁৰ হেডস্কার্ফ আঁতৰোৱাৰ অভিযোগত এগৰাকী আৰক্ষীয়ে তেওঁক চলোৱা নিৰ্যাতনৰ প্ৰতিবাদ কৰিছিল আলিদাস্তিয়ে।