Iran Bans Women: বিজ্ঞাপনত মহিলাৰ উপস্থিতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইৰানৰ

Iran bans women from appearing advertisements ইৰাণৰ সংস্কৃতি আৰু ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ কঠোৰ নীতিৰ অধীনত বিজ্ঞাপনত মহিলাৰ উপস্থিতি নিষিদ্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।

এগৰাকী মহিলাই মেগনাম আইচক্ৰীম খোৱাৰ বিজ্ঞাপন প্ৰচাৰ হোৱাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

মেগনাম আইচক্ৰীমৰ বিজ্ঞাপনটোত এগৰাকী ইৰানী মহিলাই শিথিল হিজাব পিন্ধি খালী ঠাইলৈ গাড়ী চলাই যোৱা দেখা গৈছিল। তেওঁ এখন সেউজীয়া খেলপথাৰত গাড়ীখন ৰখাইছিল। কাষৰ চিটত ৰখা সৰু ফ্ৰীজাৰৰ পৰা আইচক্ৰীমটো উলিয়াইছিল। তাৰ পিছত তেওঁ গাড়ীৰ পৰা নামি সেউজীয়া ঘাঁহৰ ওপৰত বহি আইচক্ৰীম খাই প্ৰকৃতিৰ নিসৰ্গ শোভা উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল।

ইৰানত বিজ্ঞাপনত মহিলা। ফটো: নৰ্থইষ্ট নাও।

বিজ্ঞাপনটোৱে ইৰানী ধৰ্মীয় নেতাসকলক ক্ষুব্ধ কৰি তোলে। তেওঁলোকে সংশ্লিষ্ট বিষয়াসকলক আইচক্ৰীম প্ৰস্তুতকৰ্তা ডমিনোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুৰোধ কৰে।

বিষয়াসকলে বিজ্ঞাপনটোক “অশালীন” আৰু “মহিলাৰ মূল্যবোধৰ প্ৰতি অপমানজনক” বুলি উল্লেখ কৰিছে।