NORTHEAST NOW (Assamese)

প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে ইৰাণে

January 14, 2023 2:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ইৰাণৰ প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীক মৃত্যুদণ্ড দিয়া হৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতিৰে ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে এই বাতৰি প্ৰকাশ কৰিছে।

আলিৰেজা ব্ৰিটেইন আৰু ইৰাণৰ দ্বৈত নাগৰিক আছিল। ২০১৯ চনত তেওঁক ব্ৰিটেইনৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ; ৫ জনক গ্ৰেপ্তাৰ

আলিৰেজাৰ পৰিয়ালে জনাইছে যে তেওঁলোকক বুধবাৰে শেষবাৰৰ বাবে লগ পোৱাৰ সুযোগ দিয়া হৈছিল। তাৰ পিছত তেওঁক সামৰিক চেললৈ লৈ যোৱা হৈছিল।

ব্ৰিটেইনে বাৰে বাৰে আলিৰেজাৰ মুক্তিৰ বাবে আহ্বান জনাইছিল যদিও তেহৰানে ইয়াত কোনো সঁহাৰি দিয়া নাছিল।

Related News