পশ্চিম এছিয়াত চৰম উত্তেজনাই বিৰাজ কৰিছে। ইজৰাইল-ইৰাণৰ সংঘাতত এতিয়া আমেৰিকাই পোনপটীয়াকৈ হস্তক্ষেপ কৰিছে। ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছে আমেৰিকান বাহিনীয়ে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজেই কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে ইৰাণৰ ফৰ্ড’, নাটাঞ্জ আৰু ইছফাহানত থকা পাৰমাণৱিক সুবিধাসমূহ। এই আক্ৰমণত ব্যৱহাৰ কৰা হৈছিল আমেৰিকাৰ ভয়ংকৰ বি-২ ষ্টেলথ বোমা।
তেহৰাণো হাৰ মনা বিধৰ নহয়। আমেৰিকাৰ এই আক্ৰমণক গৰিহণা দিছে ইৰাণে। ইৰাণৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে যে ট্ৰাম্পৰ ঘোষণাৰ পিছতেই ইজৰাইলৰ চহৰসমূহত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল।
দেওবাৰে এক্স পোষ্টত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰ মতে, ইৰাণৰ প্ৰতিৰক্ষা বাহিনীয়ে হাফিয়া আৰু তেল আভিভত ২৭টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। এই আক্ৰমণত কমেও ১১ জন লোক আহত হয়।
ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰা হৈছে বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰে।
ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এক বিবৃতি প্ৰকাশ কৰি আমেৰিকাৰ সামৰিক আগ্ৰাসনক গৰিহণা দিয়ে। ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ মৌলিক নীতি উলংঘা কৰা বুলি ৱাশ্বিংটনৰ এই কাৰ্যক লৈ তেহৰানে সৰৱ হৈ পৰিছে।
এই গুৰুতৰ অপৰাধৰ অত্যন্ত বিপজ্জনক পৰিণতিৰ বাবে ইছলামিক ৰিপাব্লিক অৱ ইৰানে যুদ্ধপ্ৰৱণ আৰু আগ্ৰাসী আমেৰিকা চৰকাৰক সম্পূৰ্ণৰূপে দায়ী বুলি গণ্য কৰে।
তেহৰানে দাবী কৰে যে আমেৰিকাৰ এই আচৰণে আচলতে ইছলামিক ইৰাণৰ শান্তিপ্ৰেমী আৰু স্বাধীনতাপ্ৰেমী জনসাধাৰণৰ প্ৰতি আমেৰিকাৰ শাসন ব্যৱস্থাৰ শত্ৰুতা আৰু ঘৃণাৰ তীব্ৰতা তুলি ধৰিছে। ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ আমেৰিকাৰ সামৰিক আগ্ৰাসনক সম্পূৰ্ণ শক্তিৰে প্ৰতিহত কৰাৰ লগতে ইৰাণৰ নিৰাপত্তা আৰু জাতীয় স্বাৰ্থ ৰক্ষা কৰাৰ অধিকাৰ আছে।
ইৰাণে আমেৰিকাৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ ভূমিকাৰ কথা স্মৰণ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, ‘আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক আহ্বান জনাইছো যে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ আগ্ৰাসনক তীব্ৰভাৱে গৰিহণা দিয়ক আৰু আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম আৰু নীতিৰ স্পষ্ট উলংঘাৰ বাবে আমেৰিকাক জবাবদিহি কৰিবলৈ জৰুৰীকালীন অধিবেশন আহ্বান কৰক।