ৰাষ্ট্ৰপতিৰ মৃত্যুত জনগণৰ আনন্দ : ইৰানত পতনৰ দিশে আগবাঢ়িছে নেকি ইছলামিক শাসন?

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। ভাৰতকে ধৰি বিভিন্ন দেশে ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যু হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰি উৎসৱ পালন কৰিছে ইৰাণৰ একাংশ নাগৰিকে। ৰাইছিৰ মৃত্যুৰ পিছত আনন্দ উদযাপন কৰা কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইৰাণৰ বহু নাগৰিক আৰু প্ৰবাসী ইৰাণী লোকে এই দুৰ্ঘটনাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। বহুতে পাৰ্টী কৰাৰ লগতে আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইব্ৰাহিম ৰাইছি কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়েই নাছিল। ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ উত্তৰাধিকাৰী হিচাপেও তেওঁ মুখ্য প্ৰতিদ্বন্দ্বী আছিল।

কিন্তু দেশৰ শীৰ্ষ নেতাগৰাকীৰ মৃত্যুত কিয় স্ফূৰ্তি কৰিছে ইৰাণবাসীয়ে?

ইৰাণী-আমেৰিকান সাংবাদিক মাছিহ আলিনেজাদে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মোৰ মতে ইতিহাসৰ এইটোৱেই একমাত্ৰ হেলিকপ্টাৰ দুৰ্ঘটনা, য’ত মানুহে আনন্দ লাভ কৰিছে। বিশ্ব হেলিকপ্টাৰ দিৱসৰ শুভেচ্ছা থাকিল!”

ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে কৈছে, “আহক আমি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভাল খবৰটো উদযাপন কৰোঁ।”

আনহাতে হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছত লণ্ডনত থকা ইৰাণৰ দূতাবাসৰ বাহিৰত কেইবাজনো লোকে আনন্দত নৃত্য কৰা দেখা গৈছে।

লগতে দুগৰাকী যুৱতীয়ে সুৰাপান কৰি থকা এক দৃশ্যও বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।  জানিব পৰা যুৱতী দুগৰাকীৰ মাতৃক ইৰান চৰকাৰে গুলীয়াই হত্যা কৰিছিল।


ইৰাণত  জনসাধাৰণৰ বাক স্বাধীনতাক চেপি ধৰিছিল ৰাইছিয়ে। তেওঁ মহিলাৰ সাজ-পোছাকৰ ওপৰত কঠোৰ ‘হিজাব আৰু সতীত্ব আইন’ বলবৎ কৰিছিল। যি আইনে ইৰাণৰ নীতি আৰক্ষীক সীমাহীন ক্ষমতা প্ৰদান কৰিছিল। কট্টৰ ইছলামিক শাসনে ইৰানৰ জনগণৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। যাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত স্ফূৰ্তি কৰিছে ইৰানবাসীয়ে।