• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাথমিক শিক্ষকৰ পদৰ বিজ্ঞাপন প্ৰকাশতে দায়িত্ব সামৰিছে অসম চৰকাৰে; তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰাৰ দাবী ডিৱাইএফআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 8:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫৫৫০ টা শিক্ষক পদৰ বাবে ২০২৩ চনৰ ২৬ ডিচেম্বৰতেই বিজ্ঞাপন প্ৰকাশ কৰি প্ৰাৰ্থীৰ পৰা আৱেদন পত্ৰ গ্ৰহণ কৰিলে যদিও বিগত সাত মাহে কোনো অৰ্হতাৰ তালিকা প্ৰকাশ নকৰিলে অসম চৰকাৰৰ অধীনৰ শিক্ষা বিভাগে। চৰকাৰ আৰু শিক্ষা বিভাগৰ এই দায়িত্বহীন কাৰ্যক ভাৰতৰ যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাইছে।

যিসময়ত ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষকৰ অভাৱৰ বাবে পাঠদান প্ৰক্ৰিয়া ব্যাহত হৈছে তেনে সময়তে চৰকাৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো ওলোমাই ৰাখিছে। ইয়াৰ ফলত ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে “টে’ট” উত্তীৰ্ণ হৈ শিক্ষক চাকৰিৰ বাবে আগ্ৰহেৰে ৰৈ থকা হাজাৰ হাজাৰ যুৱক-যুৱতী আশাহত হৈ পৰিছে। যোৱা লোক সভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী চমক দিয়াৰ বাবে যে ততাতৈয়াকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল সেয়া শেহতীয়া কাণ্ড-কাৰখানাই প্ৰমাণ কৰিছে।

বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কৰ্মকাণ্ডক আমি ধিক্কাৰ জনোৱাৰ লগতে এই নিযুক্তি প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে l সম্পন্ন কৰিবলৈ ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে দাবী জনাইছে । তাৰোপৰি ৰাজ্যখনৰ আৰু সমগ্ৰ দেশতেই পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি চলি থকা দুৰ্নীতি আৰু বিসংগতিৰ প্ৰেক্ষাপটত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰি কোনো স্বজন-তোষণ আৰু দুৰ্নীতিৰ পয়োভৰ নহয়, তাৰ বাবে কাৰ্যকৰী ব্যৱস্থাও গ্ৰহণ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী উত্থাপন কৰিছে।

Apply Now

“শিক্ষা সেতু এপ” উন্নত কৰাৰ পৰিৱৰ্তে তৰল মন্তব্যৰে পুনৰ শিক্ষক সমাজক অপমান কৰা মুখ্যমন্ত্ৰীক ধিক্কাৰ ডি ৱাই এফ আই

“শিক্ষা সেতু এপ”ৰ নামত হাজাৰটা খেলিমেলি চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে শিক্ষক সমাজৰ প্ৰতি কৰা তৰল আৰু অপমানজনক বক্তব্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে। শিক্ষা সেতু এপৰ নামত অসম চৰকাৰে নিম্ন মানদণ্ডৰ ডিভাইচ যোগান ধৰাৰ ফলতে সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়া পয়মাল লাগিছে।

শিক্ষক সমাজৰ উপৰি ডি ৱাই এফ আইয়ে শিক্ষা সেতু এপৰ ক্ষেত্ৰত শিক্ষক সমাজে উত্থাপন কৰা যুক্তিসংগত দাবীসমূহ মানি লোৱাৰ দাবী কৰাৰ লগতে উন্নত ডিভাইচ যোগানৰ বিষয়টো উত্থাপন কৰিছে। কিন্তু শিক্ষামন্ত্ৰীৰ পাছত মুখ্যমন্ত্ৰীয়ে যি তৰল মন্তব্যৰে শিক্ষক সমাজক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এয়া অতিকৈয়ে নিন্দনীয় আৰু সুস্থ শৈক্ষিক পৰিৱেশৰ পৰিপন্থী।

দুৰ্বল ডিভাইচ যোগান ধৰা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে শিক্ষকে
বিজেপি দলক ভোট দিয়া নিদিয়া প্ৰসংগ উত্থাপন কৰাটো নিন্দনীয় কাৰ্য। শিক্ষক এজনে গণতান্ত্ৰিক অধিকাৰ হিচাপে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিয়াটো কোনো অপৰাধৰ কাম নহয়। এয়া তেওঁৰ অধিকাৰ আৰু কৰ্তব্য। গতিকে মুখ্যমন্ত্ৰীয়ে ভোট দিয়াৰ প্ৰসংগ আনি শিক্ষক সমাজক আক্ৰমণ কৰা নিন্দনীয় কাৰ্যৰ পৰা আঁতৰি থকা উচিত।

একেদৰে প্ৰতিখন বিদ্যালয়ত বিদ্যুৎ, বিশুদ্ধ খোৱা পানীৰ যোগানৰ লগতে নবম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা নকৰিলে শিক্ষা সেতু এপৰ নামত দীৰ্ঘ সময় বন্দি কৰি ৰখাটো যে ফলপ্ৰসূ নহ’ব সেয়া নিশ্চিয়, সেয়ে এইবোৰ দিশত চৰকাৰে মনোযোগ দিয়া প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd