NORTHEAST NOW (Assamese)

শাৰীৰিক অসুস্থতা: ক্ষমতা এৰিব নেকি ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনিয়ে!

December 7, 2020 7:47 am · এন ই নাও নিউজ

শাৰীৰিক অসুস্থতাৰ বাবেই ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ সিদ্ধান্ত লৈছে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীয়ে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত  প্ৰকাশিত খবৰ অনুসৰি খোমেইনীয়ে ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ পিছতে সেই স্থানত বহুওৱা হ’ব তেওঁৰ পুত্ৰ মোজতাবা খোমেইনীক।

৮১ বছৰীয়া আয়াতুল্লা খোমেইনী বৰ্তমান নানান ৰোগত আক্ৰান্ত।

যোৱা শনিবাৰে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিৰ সৈতে খোমেইনীৰ এক গুৰুত্বপূৰ্ণ বৈছক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৈঠকৰ পূৰ্বেই খোমেইনী গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত বৈঠক বাতিল কৰিবলগীয়া হৈছিল।

ইৰানত ব্যাপক প্ৰভাৱ থকা আয়াতুল্লা খোমেইনীৰ স্বাস্থ্যকলৈ এতিয়া চিন্তিত হৈ পৰিছে ইৰানৰ সাধাৰণ জনতা।সেয়ে খোমেইনীৰ পুত্ৰক ইৰানৰ সৰ্বোচ্চ পদত বহুৱাবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে।

২০১৪ চনতে আয়াতুল্লা খোমেইনীৰ পেটৰ কৰ্কট ৰোগ ধৰা পৰিছিল।সেই সময়ত তেওঁৰ পেটৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল।

তেতিয়াৰে পৰা খোমেইনীক ৰাজহুৱা স্থানত প্ৰায় নেদেখাৰ দৰেই হৈ পৰিছিল।

শেহতীয়াকৈ আমেৰিকাৰ সৈতে ইৰানৰ সম্পৰ্কৰ পুনৰ অৱনতি ঘটাৰ পিছতো খোমেইনীয়ে কোনো বিবৃতি নিদিয়াৰ কথাই বহুতকে আচৰিত কৰি তুলিছিল।

Related News