• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমাক সমন্বয় লাগে, সংঘাত নহয়: মুখ্যমন্ত্ৰী সোণোৱাল

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ গেৰুৱা বসন পৰিধান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 7, 2020 7:23 am

2 min read

শিল্পীৰ যোগদান
4.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ, নীতি তথা মূল্যবোধৰ প্ৰতি আকৰ্ষিত হৈ দেওবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক কলা কুশলীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোগদান কৰা কলা-কুশলী সকলক দলৰ মজিয়ালৈ আদৰণি জনায়।

তেওঁ কয় যে, জন্মলগ্নৰে পৰা বিজেপিয়ে যে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা-ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে সেইয়া দলৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছে।

ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শিল্পী সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিল্পী সকলক তেওঁলোকৰ মানৱীয় অনুভূতিৰে সমাজত সমন্বয়ৰ বাৰ্তা বিলাই দিবলৈ আহ্বান জনায়।

অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমাক সংঘাত নহয় সমন্বয় লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপ শক্তি সমূহক প্ৰত্যাখ্যান কৰি শুভ শক্তি সমূহক আঁকোৱালি লোৱাৰ বাবেও সকলোকে আহ্বান জনায়।

সাংস্কৃতিক সম্পদৰাজিৰ ক্ষেত্ৰত অসমৰ যথেষ্ট সমল আছে বুলি প্ৰকাশ কৰি সোণোৱালে কয় যে, অসমক ভাৰতৰ আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আমি সকলোৱে মনস্থ কৰিব লাগিব আৰু তাৰ বাবে সততা নিষ্ঠা আৰু কৰ্ম সংস্কৃতিৰে নিজকে একোগৰাকী দক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব।

উল্লেখযোগ্য যে সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ মুখ্য সম্পাদক মণিকাঞ্চন বুঢ়াগোহাঁইৰ লগতে কৈলাস ৰাভা, ৰমেন তামুলী, সঞ্জীৱ দত্ত, প্ৰাঞ্জল বৰুৱা, কুকিল সিংহ, গীতাৰ্থ প্ৰিয়ম গগৈ, বাবলু হাজৰিকা, প্ৰণৱ শৰ্মা, মঞ্জুমালা শইকীয়াৰ নেতৃত্বত সমগ্ৰ অসমৰ প্ৰায় ১৩ শতাধিক কলা-কুশলীয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাবে যোগদান কৰে।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ-সভাপতিদ্বয় স্বপ্ননীল বৰুৱা, পুলক গোঁহাই,ৰাজ্যিক বিজেপিৰ সম্পাদক কৃষ্ণমনি চুতীয়া,ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহ-আহ্বায়কদ্বয় বিদ্যাসাগৰ আৰু জয়ন্ত ভাগৱতী, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd