‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ

ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

Iraqi actress Enas Taleb sues British Magazine ব্ৰিটেইনৰ ‘ইকনমিষ্ট’ আলোচনীখনে পুৰুষতকৈ মহিলাসকল ‘শকত’ হোৱাৰ বিষয়ে এটা প্ৰবন্ধ প্ৰকাশ কৰিছিল। এই প্ৰবন্ধটোত অনুমতি অবিহনে ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেবৰ এখন ফটো ব্যৱহাৰ কৰা হৈছে। অভিনেত্ৰীগৰাকী ইয়াতেই ক্ষুব্ধ হৈ পৰিছে।

অভিনেত্ৰীগৰাকীৰ দাবী হৈছে যে প্ৰবন্ধটোত তেওঁৰ ছবি অপ্ৰাসংগিকভাৱে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাবে তেওঁৰ গোপনীয়তা ভংগ কৰা হৈছে।

৪২ বছৰীয়া আনাছ তালেবে ‘ইকনমিষ্ট’ আলোচনীখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। জনপ্ৰিয় ইৰাকী অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কয় যে তেওঁ ইয়াৰ বাবে ব্ৰিটেইনত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

ইকনমিষ্ট আলোচনীখনে ৯ মাহ পূৰ্বে ইৰাকৰ বেবিলন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত তোলা তালেবৰ ফটো ব্যৱহাৰ কৰিছিল। ‘আৰৱ বিশ্বত পুৰুষতকৈ মহিলা কিয় শকত’ শীৰ্ষক প্ৰবন্ধটো জুলাইৰ শেষৰ ফালে প্ৰকাশিত হৈছিল।

প্ৰ ৱন্ধটোত কোৱা হৈছে যে আৰৱ মহিলাসকলৰ পুৰুষতকৈ ওজন অধিক হোৱাৰ এটা কাৰণ হ’ল দৰিদ্ৰতা আৰু সামাজিক নিষেধাজ্ঞাৰ বাবে তেওঁলোকৰ বহুতে গৃহবন্দী হৈ থাকে।

প্ৰবন্ধটোৰ মতে আন এটা সম্ভাৱ্য কাৰণ হৈছে কিছুমান পুৰুষৰ বাবে শকত মহিলাসকল আকৰ্ষণীয়। তাত কোৱা হৈছে, “ইৰাকীসকলে প্ৰায়ে শকত-আৱত আনাছ তালেবক (চিত্ৰত থকা) সৌন্দৰ্যৰ আদৰ্শ বুলি উল্লেখ কৰে।‘’

ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

আনাছ তালেবে প্ৰবন্ধটোক “সাধাৰণতে আৰৱ মহিলা আৰু বিশেষকৈ ইৰাকী মহিলাসকলৰ বাবে অপমানজনক” বুলি বৰ্ণনা কৰিছে।

তেওঁ প্ৰশ্ন কৰে, “আলোচনীখনে ইউৰোপ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সলনি আৰৱ বিশ্বৰ শকত মহিলাৰ প্ৰতি কিয় আগ্ৰহ দেখুৱাইছে? তেওঁ কয় যে তেওঁ সুস্থ আৰু তেওঁৰ চেহেৰাকলৈ সুখী। তেওঁৰ কথাত “সেইটোৱেই মোৰ বাবে গুৰুত্বপূৰ্ণ।”