NORTHEAST NOW (Assamese)

ৰেলত দুগুণ দামত চাহ আৰু কফিৰ বিক্ৰী, ভাইৰেল ভিডিঅৰ পাছত ৰেলৱেৰ কঠোৰ ব্যৱস্থা

April 9, 2026 6:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:26 am

দিল্লী-অমৃতসৰ এক্সপ্ৰেছত যাত্ৰীৰ পৰা অতিৰিক্ত ধন সংগ্ৰহ কৰা এটা ডাঙৰ ঘটনা পোহৰলৈ আহিছে। ৰেলখনত ৫ টকাৰ চাহ আৰু কফি ১০ টকাত আৰু ১৪ টকা ছপা মূল্য থকা পানীৰ বটল ২০ টকাত বিক্ৰী কৰি থকা হৈছিল। এই সমগ্ৰ ঘটনাটোৰ বিষয়ে এজন যাত্ৰীয়ে এটা ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতেই ই তীব্ৰ বেগত ভাইৰেল হৈ পৰে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে আই আৰ চি টি চিয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জড়িত ৰে’লৱে কৰ্মচাৰী আৰু পেণ্ট্ৰি গাড়ীৰ পৰিচালকজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

ভিডিঅ’টোত যাত্ৰীজনে জানিবলৈ দিয়া মতে, তেওঁ প্ৰথমে নিয়ম অনুসৰি আনুষ্ঠানিকভাৱে এটা অভিযোগ দিবলৈ চেষ্টা কৰিছিল। কেৱল চাহ-পানীয়েই নহয়, ৰেলত দিয়া বিৰিয়ানীৰ সৈতেও তেওঁলোকক দৈ, চালাড বা নেপকিন একোৱেই দিয়া হোৱা নাছিল। অতিৰিক্ত ধন দাবী কৰাৰ পিছত কৰ্মচাৰীসকলৰ লগত তেওঁৰ তীব্ৰ তৰ্ক-বিতৰ্ক হয়। যাত্ৰীজনে অতিৰিক্ত ধন ঘূৰাই খুজাত তেওঁক মেনেজাৰৰ সৈতে কথা পাতিবলৈ কোৱা হয় যদিও আচলতে সেই সময়ত ৰেলখনত মেনেজাৰজন উপস্থিত নাছিল। যাত্ৰীজনে সকলোকে আহ্বান জনাই কয় যে বহুতে এনে অভিযোগ কৰিবলৈ ভয় কৰে, কিন্তু এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাঙৰ সমস্যা আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে।

যাত্ৰীজনে লগতে এইটোও স্পষ্ট কৰি দিয়ে যে এই বিক্ৰেতাসকলক দুখীয়া বুলি ভাবি পুতৌ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ হিচাপ কৰি বুজাই দিয়ে যে প্ৰতিটো ডবাৰ প্ৰতিজন যাত্ৰীৰ পৰা মাত্ৰ এশ টকাকৈ বেছিকৈ ল’লেও তেওঁলোকে এটা যাত্ৰাত হাজাৰ হাজাৰ টকা অবৈধভাৱে উপাৰ্জন কৰে। জেনেৰেল ক্লাছ বা সাধাৰণ দবাত যাত্ৰা কৰা দুখীয়া পৰিয়ালবোৰৰ বাবে ৮০ টকাৰ খাদ্য ১৮০ টকাত কিনিবলৈ বাধ্য হোৱাটো অতি দুখজনক কথা যিহেতু তেওঁলোকে প্ৰতিটো টকা বহুত কষ্টৰে খৰচ কৰে। এই লুণ্ঠনৰ বাবে বহুত দুখীয়া মানুহে বাধ্য হৈ পেটত ভোকেৰে শুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বুলিও যুৱকজনে দুখ প্ৰকাশ কৰে।

Related News