আইৰিছ লেখক পল লিঞ্চে এইবাৰৰ বুকাৰ বঁটা লাভ কৰিছে। তেওঁ এই বঁটা লাভ কৰিছিল তেওঁৰ উপন্যাস ‘প্ৰফেট ছং’ৰ বাবে।
‘প্ৰফেট ছং’ লিঞ্চৰ পঞ্চম উপন্যাস। এই উপন্যাসখনত তেওঁ ভৱিষ্যতৰ এক কাল্পনিক সৰ্বগ্ৰাসী বা সুবিধাবাদী সমাজৰ ভয়ানক অন্যায়ৰ ছবি দাঙি ধৰিছে। সেই সমাজৰ এগৰাকী মহিলাই নিজৰ পৰিয়ালক বচাবলৈ চেষ্টা কৰিছে। তাৰ পিছতে আৰম্ভ হ’ল গৃহযুদ্ধ। পৰিয়ালৰ সৈতে বিদেশলৈ পলায়ন কৰে মহিলাগৰাকী।
৪৬ বছৰীয়া লেখকগৰাকীয়ে এই উপন্যাসখন লিখিবলৈ চাৰি বছৰ সময় লৈছিল। ছিৰিয়াৰ দীৰ্ঘদিনীয়া গৃহযুদ্ধ আৰু ইয়াৰ প্ৰতি পশ্চিমীয়া দেশসমূহৰ উদাসীনতাই তেওঁৰ মূৰত ক্ৰিয়া কৰিছে।
লগতে পঢ়কঃ যুদ্ধৰ ভয়াৱহ প্ৰভাৱ! আমেৰিকাত অজ্ঞাত বন্দুকধাৰীৰ গুলীত আহত ৩ পেলেষ্টাইনী শিক্ষাৰ্থী
বুকাৰ ৱেবছাইটত লিঞ্চে লিখিছে, “মই আধুনিক যুগৰ বিশৃংখলতা চাব বিচাৰিছিলো। পশ্চিমীয়া গণতান্ত্ৰিক ব্যৱস্থাৰ অস্থিৰতা, ছিৰিয়াৰ সমস্যা, সমগ্ৰ দেশৰ বিস্ফোৰক পৰিস্থিতি, অনুপ্ৰৱেশৰ সমস্যা আৰু পশ্চিমীয়া দেশৰ উদাসীনতা….পাঠকক কিতাপখনৰ শেষত এনে এক ঠাইলৈ লৈ যাব বিচাৰো, য’ত তেওঁলোকে সমস্যাটো কেৱল জনাই নহয়, অনুভৱো কৰিব পাৰে।”
কানাডাৰ লেখক তথা বুকাৰ বিচাৰক পেনেলৰ সদস্য এ চি এডুজেনে কয় যে আৱেগিক কাহিনী কোৱাৰ ৰীতিয়েই জয়ী হৈছে। এই ধাৰাত লিঞ্চে প্ৰচণ্ড সফলতা লাভ কৰিছে।”
লগতে পঢ়কঃ অকাল বৰষুণৰ ফলত গুজৰাটত বিপৰ্যয়; বজ্ৰপাতৰ ফলত এদিনতে কমেও ২০ জন লোকৰ মৃত্যু
কিছুদিন পূৰ্বে আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত উগ্ৰ সোঁপন্থী সংঘৰ্ষ সংঘটিত হৈছিল। এডুজেনে কয়, “শেহতীয়াকৈ এই কাণ্ডৰ বিষয়ে বুকাৰ কমিটীতো আলোচনা কৰা হৈছে। কিন্তু এই কাৰণেই কিতাপখনে বুকাৰ জয় কৰা নাই।”
তেওঁ কয়, ‘লিঞ্চৰ গ্ৰন্থখনে বৰ্তমানৰ সামাজিক আৰু ৰাজনৈতিক উদ্বেগক ধৰি ৰাখিছে। কিতাপখনৰ এটা কালজয়ী বিষয়বস্তুও আছে।”
লগতে পঢ়কঃ IPL-2024: বিৰাট নাটক! শেষ মহূৰ্তত মুম্বাইয়ে কাঢ়ি লৈ গ’ল হাৰ্দিকক; গুজৰাটৰ নতুন অধিনায়ক গীল?
তেওঁ লগতে কয়, ‘লিঞ্চৰ বঁটা দিয়াৰ সৈতে সকলোৱে একমত নাছিল। ছয় ঘণ্টাৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।”