মাতৃ দিৱসৰ দিনাই মাতৃ হ’ল লৌহ মানবী ইৰম শৰ্মিলা : জন্ম দিলে দুটি কন্যা সন্তান

index

স্বামী ডেছমণ্ড কাউটিনহোৰ সৈতে ইৰম শর্মিলা। ফাইল ফটো

মণিপুৰৰ লৌহ মানবী ইৰম শৰ্মিলাই দেওবাৰে মাতৃ দিৱসৰ দিনাই বাংগালোৰত দুটি কন্যা সন্তানৰ জন্ম দিয়ে।

৪৬ বছৰীয়া মানৱ অধিকাৰ কৰ্মীগৰাকী গৃহ ৰাজ্য মণিপুৰত চলি থকা অমানুষিক সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা)ৰ বিৰুদ্ধে ১৬ বছৰ ধৰি চলোৱা সংগ্ৰামৰ বাবে গোটেই বিশ্বতে পৰিচিত হৈ পৰিছে।

২০১৭ চনত গোৱাত জন্মলাভ কৰা ব্ৰিটিছ নাগৰিক ডেছমণ্ড কাউটিনহোৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত বৰ্তমান কোদাইকানালত বসবাস কৰি আছে।

বাতৰি অনুসৰি ৩৫ সপ্তাহৰ গৰ্ভাৱস্থাৰ পাছত দেওবাৰে পুৱা ৯:২১ বজাত ক্লাউনাইন হাস্পাতলৰ মালেশ্বৰম শাখাত চিজাৰিয়ানৰ জৰিয়তে যমজ কন্যা সন্তানৰ জন্ম দিয়ে।

কন্যা সন্তান দুজনীৰ নাম ৰখা হৈছে নিক্স ছাখী আৰু আটমন টাৰা। বাতৰি অনুসৰি, জন্মৰ সময়ত সন্তান দুটিৰ ওজন আছিল ক্ৰমে ২.১৬ আৰু ২.১৫ কিলোগ্ৰাম।

আনহাতে, চলিত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাকচ কৰি লৌহ মানৱী শৰ্মিলাই “ৰাজনীতি মোৰ বাবে সহজ নহয় (cup of tea)” বুলি কৈছিল।

তদুপৰি, থাওবাল সমষ্টিত ’১৭ৰ মণিপুৰ বিধান সভা নিৰ্বাচনত তিনিবাৰৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী  ইব’বি সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি শৰ্মিলাই মুঠ ২৭,২৭১টা ভোটৰ ভিতৰত মাত্ৰ ৯০টাহে পাবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে অনশন প্ৰত্যাহাৰ কৰাৰ পিছত ২০১৬ চনত তেওঁ পি আৰ জে এ’ (People’s Resurgence and Justice Alliance) নামৰ ৰাজনৈতিক দল এটা গঠন কৰিছিল।