NORTHEAST NOW (Assamese)

ৰোমানিয়াত মাটিৰ তলৰ পৰা উদ্ধাৰ আইজাক নিউটন,কপাৰনিকাচ,গেলিলিঅ’ই লিখা মূল্যৱান গ্ৰন্থ

September 20, 2020 6:49 am · এন ই নাও নিউজ

বিশ্বৰ বিজ্ঞান,দৰ্শন,চিত্ৰকলা আদি ক্ষেত্ৰ সমূহৰ ক্ৰমবিকাশৰ ধাৰাৰ প্ৰতিফলন ঘটা ২০০ খনৰো অধিক অতি মূল্যৱান গ্ৰন্থ উদ্ধাৰ হৈছে ৰোমানিয়াত।

এই গ্ৰন্থ সমূহ লিখা লোক সকলো আকৌ একো একো গৰাকী নমস্য ব্যক্তি।

ছাৰ আইজাক নিউটন, গেলিলিঅ’ গেলিলি,কপাৰনিকাচৰ দৰে বিখ্যাত ব্যক্তিয়ে লিখা এই গ্ৰন্থ সমূহ আজিলৈকে বিশ্বৰ কোনো লোকে পঢ়াৰ সুবিধা পোৱা নাই।

কাৰণ এই গ্ৰন্থ সমূহৰ কোনো দ্বিতীয় সংস্কৰণ আজিলৈকে ওলোৱা নাই।

ৰোমানিয়াৰ নিমৎজ নামৰ গাঁও খনৰ এটা ঘৰৰ ভেটিৰ তলত গাঁত খান্দি লুকুৱাই ৰখা হৈছিল এই প্ৰাচীন গ্ৰন্থ সমূহ।

ভাৰতীয় বজাৰ মূল্যত এই গ্ৰন্থ সমূহৰ মূল্য ২৫ কোটি বা ততোধিক টকা হ’ব পাৰে।

২০১৭ চনত লাছ ভেগাচত নিলামৰ বাবে সাজু কৰা হৈছিল এই গ্ৰন্থ সমূহ।

সেই মৰ্মে নিলামৰ পূৰ্বে গ্ৰন্থ সমূহ ৰখা হৈছিল পশ্চিম লণ্ডনৰ ফ্লেটহামৰ এটা ৱেৰ হাউছত। কিন্তু চোৰে ৱেৰ হাউছৰ মূধচত গাঁত কৰি সেই মূল্যৱান গ্ৰন্থ সমূহ চুৰি কৰি নিছিল।

ইয়াৰ পিছতে বিশ্বৰ কেইবাটাও তদন্তকাৰী সংস্থাই মূল্যৱান গ্ৰন্থ সমূহ উদ্ধাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

অৱশেষত গোপন সূত্ৰ তথ্যৰ ভিত্তিত চুৰি হোৱাৰ তিনি বছৰৰ অন্তত ৰোমানিয়াৰ আৰক্ষীয়ে আন কেইবাখনো দেশৰ আৰক্ষীৰ সহযোগত গ্ৰন্থ কেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰন্থ সমূহ ষষ্ঠদশ অথবা সপ্তদশ শতিকাৰ বুলি ধাৰণা কৰা হৈছে।

মাটিৰ তলত পুতি থোৱাৰ ফলত বহু কেইখন গ্ৰন্থ সামান্য নষ্ট হোৱা বুলি জানিব পৰা গৈছে।

ৰোমানিয়া আৰক্ষীৰ কনিষ্টবল ডেভিড ৱাৰ্ডৰ তথ্যৰ ভিত্তিতে মহা মূল”ৱান গ্ৰন্থ সমূহ উদ্ধাৰ কৰাটো সম্ভৱ হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

Related News