• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ ওপৰত আক্ৰমণ চলোৱা বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় গ্ৰহণ কৰা নাই ব্যৱস্থা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 31, 2019 8:31 pm
AASU Flag Gosoka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘তিনিচুকীয়াৰ কালি সংঘটিত হৈ যোৱা ঘটনাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে কালিয়েই আৰক্ষী মহা পৰিদৰ্শকৰ তদন্তৰ নিৰ্দেশনা দিছে। তাৰ পাছতেই তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই তিনিগৰাকীক গ্ৰেপ্তাৰ কৰিছে।‘’ এই কথা সংবাদমেলযোগে উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰই।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা বিধায়ক নোমল মুমিনৰ এই মন্তব্যৰ পাছতেই স্বাভাৱিকতে দল-সংগঠনৰ নেতৃত্বৰ মাজত প্ৰশ্ন উত্থাপন হৈছে, সঁচাকৈয়ে অসম আৰক্ষীয়ে নিৰপেক্ষতা অৱলম্বন কৰিছে নে বিজেপি চৰকাৰে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰিছে?

কিয়নো, যোৱা ২৭ জানুৱাৰিৰ দিনা নলবাৰীৰ ঘগ্ৰাপাৰাত আছু আৰু বিজেপি কৰ্মীৰ মাজত সংঘাতৰ সময়ত বিজেপিৰ যুৱ মৰ্চাৰ নলবাৰী জিলাৰ সম্পাদক কিশোৰ দাসে আছুৰ পতাকা ভৰিৰে মোহাৰি পেলোৱাৰ ভিডিঅ’ ইতিমধ্যে প্ৰচাৰিত হৈছে। তদুপৰি আছুৰ কৰ্মীক থানাৰ ভিতৰত মাৰ-পিট কৰাৰো এক গুৰুতৰ অভিযোগ উঠিছে নলবাৰী বিজেপি কৰ্মীৰ বিৰুদ্ধে।

তাৰ পাছতো অভিযুক্ত কিশোৰ দাসক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰাটো বাদেই তেওঁক সোধ-পোচৰ বাবেও আৰক্ষীয়ে অনা নাই কিয়? সচেতন মহলত এই প্ৰশ্নৰ অৱতাৰণা হৈছে।

তদুপৰি, নলবাৰীৰ ঘগ্ৰাপাৰা আৰক্ষী থানাৰ আৰক্ষী বিষয়া বাবুল মেধিয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি নলবাৰী জিলা আছুৱে ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈকে ঘটনাৰ সৈতে জৰিত কোনো বিজেপিৰ কৰ্মীক সোধ-পোচৰ বাবে অনা হোৱা নাই।

‘সমগ্ৰ ঘটনাটো তদন্তৰ পৰ্য্যায়ত আছে। ফুটেজবোৰ সংগ্ৰহ কৰা হৈছে। গতিকে অলপ সময়ৰ প্ৰয়োজন হ’ব। বৰ্তমানলৈকে কিশোৰ দাসক সোধ-পোছ কৰা হোৱা নাই,‘’- এই কথা প্ৰকাশ কৰিছে ঘগ্ৰাপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই।

উল্লেখযোগ্য যে, বুধবাৰে তিনিচুকীয়াত বিজেপিৰ তিনিচুকীয়া জিলা সভাপতি লক্ষেশ্বৰ মৰাণৰ আক্ৰমণৰ ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্ত চলাই তথা ভিডিঅ’ ফুটেজৰ সহায়ত ইতিমধ্যে ঘটনাৰ সৈতে জড়িত তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

ইপিনে, কালি তিনিচুকীয়াত সংঘটিত হোৱা ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি দাবী জনাইছে নলবাৰী জিলা আছুৰ সভাপতি গুণজিৎ পাঠকে।

‘’কালি তিনিচুকীয়াত হোৱা ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক। আইন সকলোৰে বাবে সমান হ’ব লাগে, ইয়াত ৰজাঘৰীয়া-প্ৰজাঘৰীয়াৰ কথা আহি নপৰে। কিশোৰ দাসে আছুৰ পতাকা গচকাটো অসমৰ ৰাইজে দেখিছে তথা সংবাদ মাধ্যমত কথাটো প্ৰচাৰ হ’ল। আৰক্ষীক তথ্য-পাতি যোগান ধৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ তদন্ত নহ’ল,’‘- আক্ষেপ প্ৰকাশ কৰি এইদৰে কয় আছুৰ নলবাৰী জিলাৰ সভাপতি গুণজিৎ পাঠকে।

আনহাতে, যোৱা ২৭ জানুৱাৰিত নলবাৰীত সংঘটিত ঘটনাত পৰিকল্পিতভাৱে আছু কৰ্মীৰ ওপৰত বিজেপি কৰ্মীয়ে জপিয়াই পৰা বুলি তেওঁ অভিযোগ তোলে।

‘’কেইগৰাকীমান বিজেপি কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ আগমণৰ প্ৰাক্ মুহূৰ্তত ফেচবুকযোগে আছুক ভাবুকি দিছিল। আনকি চেগুণৰ তক্তা পিঠিত বান্ধি থ’বৰ বাবেও আছু কৰ্মীক সকিয়নী দিছিল। কিন্তু সেই ভাবুকিক গুৰুত্ব নিদি আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিলো,’‘-এইদৰে কয় সভাপতি পাঠকে।

ইপিনে, ২৭ জানুৱাৰিৰ ঘটনাক ‘বিজেপিৰ সংঘাতৰ ৰাজনীতি’ আখ্যা দিয়ে কৃষক নেতা অখিল গগৈয়ে। তেওঁ কয়,’’হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে এই সংঘাতৰ ৰাজনীতি কৰিছে। তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰিলে।‘‘

গগৈয়ে অনতিবিলম্বে আছুৰ ওপৰত চলোৱা আক্ৰমণৰ লগত জৰিত বিজেপি কৰ্মীক গ্ৰেপ্তাৰৰ দাবী জনায়। নলবাৰীৰ ঘটনাৰ সৈতে জৰিত বিজেপি কৰ্মীক আটক নকৰাৰ বিপৰীতে বুধবাৰে তিনিচুকীয়াৰ ঘটনাৰ সৈতে জৰিত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে।

’’২৭ জানুৱাৰিত আক্ৰমণৰ সৈতে জৰিত বিজেপি কৰ্মীক আটক কৰা হোৱা নাই। তাৰ বিপৰীতে কালি তিনিচুকীয়াৰ ঘটনাৰ সৈতে জৰিত দেশপ্ৰেমিক যুৱকসকলক গ্ৰেপ্তাৰ কৰাৰ কাম আৰক্ষীয়ে তৎকালীনভাৱে আৰম্ভ কৰিছে,’‘-এইদৰে কয় গগৈয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে, অসম আৰক্ষীৰ এনে কাণ্ডৰ পৰা ‘’অসম আৰক্ষী নিৰপেক্ষ নহয়’’ বুলি সু-স্পষ্ট হৈ পৰিছে বুলিও দাবী কৰে কৃষক নেতাজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd