• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উত্তৰ ভাৰততেই নহয়, উত্তৰ-পূৰ্বাঞ্চলতো ২০১৯’ত বিজেপিৰ ভেটি খহিব নেকি?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
December 20, 2018 6:35 pm
382963-sarbananda-sonowal-modi700

ফাইল ফটো : জী নিউজৰ সৌজন্যত

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পাঁচখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা স্পষ্ট হৈ পৰাৰ পাছত দলটোৱে ২০১৯’ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণ কৌশল প্ৰস্তুত কৰিবলৈ দলটোৱে উঠিপৰি লাগিছে। নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত বিজেপি শাসিত উত্তৰ ভাৰতৰ তিনিখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত দলটোৱে ক্ষমতা হেৰুৱাবলগীয়া হ’ল। একেদৰে তেলেংগানা আৰু মিজোৰামত আঞ্চলিক দল শাসনলৈ আহিল। ক’বলৈ গ’লে মধ্যকালীন নিৰ্বাচনত বিজেপিয়ে ইয়াৰ ভেটি খহাৰ উমান ভালকৈয়ে ধৰিব পাৰিছে।

বিজেপি উত্তৰ ভাৰতত শক্তিশালী ভেটি থকা দল। বিগত লোকসভাৰ নিৰ্বাচনত দলটোৱে উত্তৰ ভাৰতত অত্যন্ত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। তদুপৰি,ইয়াৰ ৰাজ্যসমূহৰ নিৰ্বাচনতো দলটোৱে ক্ষমতা ধৰি ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কামকাজত অসন্তুষ্ট হৈ পৰা উত্তৰ ভাৰতৰ জনসাধাৰণে শেহতীয়া নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিলে। এতিয়া উত্তৰ প্ৰদেশত বিজেপিয়ে শাসন চলাই আছে যদিও আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ জনসাধাৰণে দলটোৰ প্ৰতি দয়া কৰে নে নাই সেয়াও এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে।

দক্ষিণ ভাৰতত বিজেপিৰ স্থিতি পূৰ্বৰে পৰাই দুৰ্বল আৰু ভৱিষ্যতেও ইয়াৰ ৰাজ্যবোৰত দলটোৱে ক্ষমতাৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ সম্ভাৱনা ক্ষীণ। কিয়নো এই ৰাজ্যবোৰত কংগ্ৰেছৰ কিছু ভিত্তি পূৰ্বৰে পৰাই আছে আৰু আঞ্চলিক দলে ইয়াত নিজৰ স্থিতি মজবুত কৰি ৰাখিবলৈ সম্ভৱ হৈছে।বিজেপিৰ হিন্দুত্বৰ ফৰ্মুলা দক্ষিণ ভাৰতৰ ৰাজনীতিত প্ৰভাৱ পেলাবলৈ সক্ষম নহয়।তদুপৰি, এই ৰাজ্যবোৰৰ ৰাজনীতিত ‘চেলিব্ৰেটি’ৰ প্ৰভাৱ সৰ্বাধিক।সেয়েহে বিজেপিৰ উত্থান এই ৰাজ্যবোৰত অতি কষ্টসাধ্য হৈ পৰিছে।

বিগত লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আশানুৰুপ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।সেয়াই নহয়, বিধানসভাৰ নিৰ্বাচনতো অসম, অৰুণাচল, মনিপুৰ আৰু ত্ৰিপুৰাত দলটোৱে সংখ্যা গৰিষ্ঠাতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। আনহাতে, মেঘালয় আৰু নাগালেণ্ডত বিজেপিয়ে আঞ্চলিক শক্তিৰ হাত ধৰি ক্ষমতাসীন চৰকাৰত সোমাবলৈ সমৰ্থ হৈছে।ক’বলৈ গ’লে উত্তৰ ভাৰতৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে নিৰ্বাচনত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ এই উত্থানৰ কাৰণ অৱশ্যেই আঞ্চলিক দলবোৰৰ দুৰ্বল স্থিতি আৰু কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মোহভংগ।

উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে সেয়েহে আঞ্চলিক দলবোৰৰ সৈতে মিত্ৰতা কৰাৰ পক্ষে আগ্ৰহী আছিল আৰু তাৰ বাবে বিগত নিৰ্বাচনৰ আগত তেওঁলোকে যথেষ্ট এৰা ধৰাৰ মাজেৰে মিত্ৰতাত আবদ্ধ হৈ কংগ্ৰেছৰ বিৰুদ্ধে সবল স্থিতি লাভ কৰিছিল। সেয়াই নহয়, এই আঞ্চলিক দলবোৰৰ শক্তিৰ সহযোগত বিজেপিয়ে কংগ্ৰেছমুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ কল্পনা বাস্তৱত পৰিণত কৰাৰ পৰিকল্পনাত অগ্ৰসৰ হোৱাৰ সুযোগ পালে।কিন্তু কংগ্ৰেছমুক্ত উত্তৰ-পূৰ্বাঞ্চলে বিজেপিৰ বাবে কিমান দিনলৈ ক্ষমতাৰ সুযোগ কঢ়িয়াই আনিব সেয়া এক প্ৰাসংগিক প্ৰশ্ন হৈ পৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন-যাত্ৰা, পৰম্পৰা, সংস্কৃতি তথা ইয়াৰ লোকসকলৰ আঞ্চলিকতাবাদী জাতীয়তাবাদৰ আদৰ্শক মষিমূৰ কৰি ‘দেচোৱালী’ সংস্কৃতি এটা জাপি দিয়াৰ মানসিকতা লৈ বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলত বেছিদিনলৈ শাসন ভোগ কৰাৰ সম্ভাৱনা নাই। তদুপৰি, শাসন লাভ কৰাৰ পাছত সহযোগী আঞ্চলিক দলবোৰৰ প্ৰতি দলটোৰ ব্যৱহাৰেও নিৰ্বাচনকালীন সময়ত বিজেপিক বিপদত পোলাব পাৰে।কিয়নো সকলোৰে দিন সমানে নাযায়।বিজেপিয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক শক্তিৰ বোকোচাত উঠি ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ পাছত তেওঁলোকক নিজৰ ভাগ্য নিৰ্দ্ধাৰণ কৰিবলৈ বাট দেখুৱাবলৈ লৈছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰি তোলাত সহায় কৰা আঞ্চলিক দলবোৰক শেহতীয়াকৈ দলটোৱে অঁতৰাই পঠিওৱাৰ কৌশল গ্ৰহণ কৰিছে। বিজেপিয়ে নিজৰ শক্তিৰ ওপৰত অধিক আত্মবিশ্বাসী হৈ ক’বলৈ গ’লে একপ্ৰকাৰ গুৰু গোঁসাই নমনা হৈছে। দলটোৱে উত্তৰ-পূৰ্বাঞ্চলত খোপনি পোতাৰ পাছতে সমগ্ৰ দেশতে দলটোৰ ভেটি মজবুত হোৱা বুলি প্ৰচাৰ চলোৱা হৈছিল। কিন্তু সেই ভেটি এতিয়াও অক্ষুণ্ণ আছেনে সেয়া দলটোৱে ভালকৈ গমি চোৱা নাই।

অসমত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে আত্মসন্তুষ্টি লভাৰ বিশেষ কোনো কাৰণ নাই। পঞ্চায়ত, নিগম-নিকায় আদিৰ নিৰ্বাচনত ক্ষমতাত থকা শাসকীয় দলটোৱে কিছু ভাল ফলাফল প্ৰদৰ্শন কৰাটো স্বাভাৱিক। পূৰ্বৰে পৰা এনে পৰম্পৰা চলি আহিছে। কিন্তু ইয়াতেই বিজেপিয়ে নিজকে যদি অপ্ৰতিৰোধ্য বুলি বিবেচনা কৰিছে আগন্তুক লোকসভা নিৰ্বাচনত অৱশ্যেই ইয়াৰ পৰিণাম ভূগিব লাগিব। উত্তৰ ভাৰতত শেহতীয়াকৈ বলা ৰাজনৈতিক বতাহৰ ঢৌ উত্তৰ-পূৰ্বাঞ্চললৈও বলিবলৈ আৰম্ভ কৰিলে দলটোৱে নিজৰ ভেটি হেৰুওৱাটো নিশ্চিত।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে ভেটি গঢ়াৰ বাবে যি সমৰ্থন লাভ কৰিছে সেয়া সম্পূৰ্ণ আঞ্চলিক ইছ্যুৰ ভিত্তিতহে যে লাভ কৰিছে সেই কথা দলটোৱে ভালদৰে মনত ৰখা উচিত। ইতিমধ্যে দলটোৱে অঞ্চলটোৰ জনসাধাৰণক কেইবাটাও ইছ্যুত জোকাই লৈছে আৰু তেওঁলোকক গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে। এনেদৰে থাকিলে ২০১৯’ত লোকসভাৰ নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলত বিজেপিয়ে টালি-টোপোলা বান্ধিব যে লাগিব সেয়া প্ৰায় নিশ্চিত।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd