NIAৰ জিম্মাত ক’ৰ’নাত আক্ৰান্ত হ’ল ইছলামিক ষ্টেটৰ নেত্ৰী : কোৱাৰেন্টাইনত তদন্তকাৰী দল

image.jpg54

ধৃত জাহানজাইব ছামি আৰু পত্নী হীনা বছিৰ বেগ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা( NIA)ৰ জিম্মাত থকাৰ অৱস্থাতে কোভিড১৯ত আক্ৰান্ত হৈছে ইছলামিক ষ্টেটৰ এগৰাকী নেত্ৰী।

ইয়াৰ পিছতেই এছপি পদমৰ্যদাৰ সাত গৰাকীকৈ NIAৰ তদন্তকাৰী বিষয়াক কোৱাৰেন্টাইন কৰা হৈছে।

অৱশ্যে NIAৰ সূত্ৰই বৰ্তমানলৈকে কোনো বিষয়া কোভিড১৯ত আক্ৰান্ত হোৱা নাই বুলি জনালেও অন্যান্য আৰু কেবাজনো বিষয়াৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নমূনা সংগ্ৰহ কৰা হৈছে।

যোৱা ২৯ মে’ত কোভিড১৯ত আক্ৰান্ত ইছলামিক ষ্টেটৰ নেত্ৰী হীনা বছিৰ বেগক তেওঁৰ স্বামীৰ জাহানজাইব ছামি ওৰফে মহম্মদ আব্দুল্লা বাছিৰৰ জেৰাৰ সংক্ৰান্তত আদালত আবেদন কৰি NIAএ নিজৰ জিম্মাত লৈছিল।

মাৰ্চৰ প্ৰথম সপ্তাহত দিল্লীৰ আৰক্ষীৰ স্পেচিয়েল চেলে ইছলামিক ষ্টেটৰ কাশ্মীৰ শাখাৰ সক্ৰিয় সদস্য নেত্ৰীগৰাকীৰ স্বামী জাহানজাইব ছামি ওৰফে মহম্মদ আব্দুল্লা বাছিৰক গ্ৰেপ্তাৰ কৰিছিল।

NIAৰ সূত্ৰৰ মতে এই সংক্ৰান্তত জেৰা কৰিবলৈ নেত্ৰীগৰাকীক NIAএ নিজৰ জিম্মাত লৈছিল।

সূত্ৰটোৰ মতে NIAএ হীনাক ৯ দিন নিজৰ জিম্মাত ৰাখি জেৰা কৰি থকা অৱস্থাত কোভিড১৯ৰ লক্ষণে দেখা দিয়ে আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

স্বাস্থ্য পৰীক্ষাত হীনাৰ কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ লগে লগে দিল্লীস্থিত NIAৰ মুখ্য কাৰ্যালয়ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কোভিড১৯ আক্ৰান্ত ইছলামিক ষ্টেটৰ নেত্ৰীগৰাকীক ইতিমধ্যে কোভিড১৯ৰ চিকিৎসাৰ বাবে দিল্লীৰ লোকনায়ক জয়প্ৰকাশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, হীনাৰ তদন্তত জড়িত বিষয়াসকলৰ কোভিড১৯ পজিটিভ পোৱা গ’লে দিল্লীস্থিত NIAৰ মুখ্য কাৰ্যালয়ৰ আৰু বহু বিষয়া-কৰ্মচাৰীক কোৱাৰেন্টাইনত ৰখাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাব লগা হ’ব।