তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে
পৃথিৱীৰ সপ্তম আশ্বৰ্যৰ অন্যতম আগ্ৰাৰ তাজমহল আচলতে এটা মোগল স্মৃতিসৌধ নে ইয়াৰ আঁৰত লুকাই আছে কোনো হিন্দু মন্দিৰৰ ইতিহাস, তাক লৈ দীৰ্ঘদিন ধৰি দেশত বিতৰ্ক চলি আহিছে। এতিয়া এই সমগ্ৰ বিষয়টোৱে এক নতুন মোৰ লৈছে, কিয়নো এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ চমুকৈ এএছআইৰ পৰা শপতনামাহযোগে উত্তৰ তলব কৰিছে। তাজমহল সঁচাকৈয়ে তেজো মহালয় নামৰ এটা পুৰণি শিৱ মন্দিৰ আছিল নেকি, সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ এতিয়া আদালতক দিব লাগিব কেন্দ্ৰ আৰু এএছআই কৰ্তৃপক্ষই।
শেহতীয়াকৈ অধিবক্তা হৰি শংকৰ জৈন আৰু আন কেইবাজনো লোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন আবেদন দাখিল কৰিছে। তেওঁলোকৰ দাবী অনুসায়ী, তাজমহলৰ স্থাপত্যশৈলীত অন্ততঃ ১০৯ টা এনেকুৱা ঐতিহাসিক আৰু পুৰাতাত্ত্বিক বৈশিষ্ট্য আছে, যিবোৰে ই এটা হিন্দু মন্দিৰ আছিল বুলিহে ইংগিত কৰে। কেৱল অনুমানৰ ওপৰত নিৰ্ভৰ নকৰি সমগ্ৰ গাঁথনিটো পৰিদৰ্শন কৰিবলৈ আৰু ইয়াৰ ফটো তথা ভিডিঅ’গ্ৰাফী কৰিবলৈ এজন এডভোকেট কমিছনাৰ নিযুক্তি দিয়াৰ বাবেও তেওঁলোকে আদালতক অনুৰোধ জনাইছে। ইয়াৰ জৰিয়তে এই ঐতিহাসিক সৌধটো আচলতে কোনো শিৱ মন্দিৰ আছিল নে নাই, সেয়া নিৰ্ধাৰণ কৰাটো সহজ হ’ব বুলি আবেদনকাৰীসকলে যুক্তি দিছে। তেওঁলোকে তাজমহলক হিন্দু মন্দিৰ হিচাপে ঘোষণা কৰাৰ লগতে তাত পূজা-অৰ্চনা আৰু প্ৰাৰ্থনা কৰাৰ অনুমতিও বিচাৰিছে, যাৰ বাবে তেওঁলোকে সংবিধানৰ ২৫ নম্বৰ অনুচ্ছেদৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ কথা উল্লেখ কৰিছে।
আবেদনকাৰীসকলে তাজমহল যে এটা হিন্দু মন্দিৰ আছিল, তাৰ সপক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ যুক্তি আগবঢ়াইছে। তেওঁলোকৰ মতে, তাজমহলৰ মূল গম্বুজটোৰ ওপৰত থকা পদুম ফুলৰ পাপড়িৰ নক্সা আৰু ইয়াৰ চূড়াটো সম্পূৰ্ণৰূপে হিন্দু স্থাপত্যৰ লগতহে মিলে। আনকি খোদ এএছআইৰ পুৰণি নথিপত্ৰত তাজমহলৰ ভিতৰত থকা এটা গাঁথনিক গোশালা বুলিও বৰ্ণনা কৰা হৈছে বুলি তেওঁলোকে দাবী কৰিছে, যিটো সাধাৰণতে হিন্দু মন্দিৰতহে দেখা পোৱা যায়।
এই আবেদনত আৰু এটা ডাঙৰ দাবী কৰা হৈছে যে তেজো মহালয়া নামৰ এই প্ৰাচীন শিৱ মন্দিৰটো ১১৫৫-৫৬ খ্ৰীষ্টাব্দত ৰজা পৰমাৰ্দি দেবে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত এই মন্দিৰটো জয়পুৰৰ ৰজা মান সিং আৰু ৰজা জয় সিঙৰ নিয়ন্ত্ৰণলৈ আহে। ইয়াৰ পিছত মোগল সম্ৰাট শ্বাহজাহানে এই মন্দিৰটোৰ ওপৰত ইছলামিক স্থাপত্যৰ উপাদান যোগ কৰি ইয়াক নিজৰ পত্নী মমতাজৰ স্মৃতিসৌধলৈ ৰূপান্তৰিত কৰে। এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ে এই স্পৰ্শকাতৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰ আৰু এএছআইৰ পৰা সঁহাৰি বিচৰা কাৰ্যই দেশজুৰি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।