• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এয়ে নেকি স্বাধীনতাৰ অমৃত কাল!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 1, 2023 7:26 am
1.8k
VIEWS
Share on FacebookShare on Twitter

নলবাৰীৰ ওচৰৰ ঘগ্ৰাপাৰ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এজনী গাভৰু ছোৱালীক থানাৰ ভিতৰত উলংগ কৰি ছবি তুলিছে। এখন পুলিচ থানাৰ ভিতৰত পুলিচে এই কাম কৰিছে! তাৰ পিছতে, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে টুইট কৰিছে: “Reference taking of objectionable photo of a young girl at Ghograpar PS-Inspector(now under suspicion) Birman Roy, former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No 287/23U/S-354(B)/509IPC R/WSec.12/14(1) of POCSO Act. He is absconding. Anyone providing information to SP Nalbari Police about his whereabouts would be suitably awarded.”

মানে, ঘগ্ৰাপাৰ পুলিচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী এই অপৰাধৰ মূল অভিযুক্ত। তেওঁ পলাতক। যিয়ে তেওঁৰ সম্ভেদ দিব, তেওঁক অসম আৰক্ষীয়ে উপযুক্তভাৱে পুৰস্কৃত কৰিব। এতিয়া এইবোৰ দেখি শুনি আমি কি ক’ম? আপুনি কি ক’ব? কথাটো এইটো নেকি যে অসম আৰক্ষীয়ে ইমান দিন সকলো ঠিকে-ঠাকে কৰি আছিল, এইটোহে এটা ব্যতিক্ৰম। পৰিস্থিতিটো তেনে হোৱা হ’লে ঠিকেই আছিল। কিন্তু, এইটো ব্যতিক্ৰম নে ক্ৰম, নিয়ম? অসম আৰক্ষীৰ কাৰণে যেন এতিয়া এইবোৰ সকলো স্বাভাৱিক কথা হৈ পৰিছে। কিয়, জোনমণি ৰাভাৰ ঘটনাটো সেইদিনা ঘটিছিলহে। জোনমণি ৰাভা, নকল সোণ, পুলিচ এনকাউন্টাৰ, বাল্য বিবাহ- আৰু কত কি?

কিয়, যোৱা অক্টোবৰ মাহত মৰাণ আৰক্ষীয়ে কেইজমান যুৱকৰ ওপৰত যে অমানবীয় অত্যাচাৰ কৰিছিল সেইটো আপোনালোকে পাহৰিলেনে? সেইবোৰত অসম আৰক্ষীয়ে আইনৰ শাসন মানি নিজৰ দায়িত্ব পালন কৰিছিলনে? এটা কথা সঁচা, আৰক্ষীৰ লগত জনসাধাৰণৰ সম্পৰ্ক কেতিয়াও সহজ নাছিল। কিন্তু, শেহতীয়াকৈ অসমৰ আৰক্ষী প্ৰশাসনত যিবোৰ ঘটনা ঘটিব ধৰিছে সেইবোৰৰ এটা মূল কাৰণ আৰক্ষীৰ মাজত দেখা দিয়া নৈৰাজ্য। কথাটো এনেকুৱা হৈছে যে আইনৰ শাসনৰ গণ্ডীৰ ভিতৰত থাকি ব্যৱস্থা লোৱাৰ সলনি, এতিয়া নিজৰ ইচ্ছা, খুচীমতে যিকোনো কাম কৰিবলৈ আৰক্ষীৰ লোকে যেন পৰোৱা নকৰা হৈছে।

এই অৱস্থাটো আপোনা-আপুনি হোৱা নাই। ইয়াৰ গুৰিতে আছে ৰাজনৈতিক হস্তক্ষেপ। আপোনালোকৰ মনত আছেনে মুখ্যমন্ত্ৰী হৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল? তেওঁ দৃষ্টিকটুভাৱে আগৰজন মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ দিনত গৃহ আৰু আৰক্ষী বিভাগে বহুত নকৰিবলগীয়া কাম কৰিছিল বুলি অভিযোগ কৰিছিল। তাৰ পিছত তেওঁ কি কৈছিল? তেওঁ ২০২১ চনৰ জুলাই মাহত পুলিচক অপৰাধীক গুলিয়াবলৈ পৰামৰ্শ দিছিল। তাৰ ঠিক পিছতে অসমত চাৰিওফালে পুলিচ এনকাউন্টাৰবোৰ আৰম্ভ হৈছিল। গতিকে, কি কৰা হৈছিল? পুলিচক আইন বিহীন কৰিবলৈ উচটনি দিয়া হোৱা নাছিল জানো? সেইবাবেই এতিয়া এটাৰ পিছত এটাকৈ পুলিচৰ এই অপকৰ্ম।

যেতিয়ালৈকে ৰাজনৈতিক উদ্দেশ্যত পুলিচ ব্যৱহৃত হ’ব তেতিয়ালৈকে পুলিচৰ এই অপকৰ্মবোৰ বন্ধ নহয়। পুলিচ যেতিয়া আইনৰ শাসনৰ ভিতৰত থাকিব, তেতিয়া এই আতিশয্যবোৰ নিজে নিজে বন্ধ হ’ব। পুলিচ প্ৰশাসনেই হওক, বা সাধাৰণ প্ৰশাসনেই হওক প্ৰশাসন জনমুখী হ’বলৈ হ’লে সি আইনৰ শাসনৰ মাজত থাকিবই লাগিব। কাৰোবাৰ মইমতালিত চলিলে নহ’ব।

আৰু এটা কথা, এই অৰাজকতা এতিয়া কেৱল পুলিচতেই আছে নে চাৰিওফালে বিয়পি পৰিছে? গুৱাহাটীখনৰ কি বিলাই বিপত্তি হৈছে আপোনালোকে দেখিছেনে? এওঁলোকে গোটেইখন গুৱাহাটী এফালৰ পৰা শেষ কৰি গৈছে। কি কৰিছে তেওঁলোকেহে জানে। গুৱাহাটীক সুধি, গুৱাহাটীৰ লগত আলোচনা কৰি এই সিদ্ধান্তবোৰ লোৱা হোৱা নাই। আটাইতকৈ আজৱ কাণ্ডটো হৈছে পানী যোগানক লৈ। বিশেষজ্ঞ অভিযন্তাই কৈছে এনেকৈ জধেমধে পানীৰ পাইপ টানিলে গুৱাহাটীৰ ক’ত তেতিয়া পাইপ ফুটি মানুহৰ হাহাকাৰ লগাব কোনো ঠিক নাই। আৰু এতিয়া ঠিক সেইটোৱে হৈ আছে। মানে অসমেই হওক বা অসমৰ বাহিৰতেই হওক, যিফালেই চাই সিফালেই খেলি-মেলি; নহ’ব লগা আটাইবোৰ ঘটনা ঘটি আছে।

বাকী মণিপুৰৰ কথা দেখিছে! কি হৈ আছে ৰাজ্যখনত আজি প্ৰায় দুমাহে। কিন্তু, দেশৰ প্ৰধানমন্ত্ৰীৰ মুখবন্ধ। তেওঁ মণিপুৰৰ বিষয়ে এতিয়ালৈকে এটা শব্দও কোৱা নাই। এই অৰাজকতা, অনীতি, অনিয়মবোৰেই কি স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত কাল? কিন্তু, এটা কথা, এই অৰাজকতাৰ বাবে কেৱল চৰকাৰেই দায়ীনে? আমাৰ কি ইয়াত একো কৰিবলগীয়া নাই নেকি? কি কাৰণে জনসাধাৰণে এইবোৰ কথা মানি লৈছে?

অৱশ্যে কথাটো এইটো নহয় যে চৰকাৰৰ এই অনিয়ম/ অনীতিৰ কেনো প্ৰতিবাদ হোৱা নাই। নিশ্চয় হৈছে। কিন্তু, কেৱল প্ৰতিবাদেই যথেষ্ট নহয়। প্ৰতিবাদ হ’লেই নহ’ব। এই অৰাজকতা আৰু নৈৰাজ্য বন্ধ হ’ব লাগিব। তাৰ ঠাই ল’ব লাগিব আইনৰ শাসনে। গতিকে প্ৰতিবাদে ৰাজনৈতিক বিকল্পৰ ৰূপ ল’লেহে সেইটো সম্ভৱ হ’ব।

Recent News

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক SAMARTH সহায়ক আৰু সমন্বয় কেন্দ্ৰ উদ্বোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd