NORTHEAST NOW (Assamese)

ঈশান উদয় আঁচনিৰ ধন আত্মসাৎ মহাবিদ্যালয়ৰ অধ্যক্ষৰ

December 15, 2022 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 15, 2022 9:38 am
  • অভয়াপুৰীৰ আৰক্ষীয়ে আটক কৰিলে বঙাইগাঁও জিলাৰ চাকলাৰ CK কলেজৰ অধ্যক্ষক।
  • অধ্যক্ষ গৰাকী ছহিদুল ইছলাম।
  • ছাত্র-ছাত্ৰীৰ বাবে আৱন্টিত ঈশান উদয় আচনিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ।
  • নিজৰ পত্নী, গাড়ীচালক, আত্মীয় আৰু ভুৱা শিক্ষাৰ্থীৰ নাম ব্যৱহাৰ কৰি এই ধন আত্মসাৎ কৰে কলংকিত অধ্যক্ষজনে৷
  • সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি বৰপেটা জিলাৰ দুল পাঠকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতেই পলাতক অৱস্থাত আছিল অধ্যক্ষ ছহিদুল ইছলাম।
  • আটকাধীন ছহিদুলক সোধ-পোচ কৰি থকাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Related News