উত্তৰ-পূবত ফুটবলাৰৰ সন্ধানত আই এছ এল ফ্ৰেঞ্চাইজী হাইদৰাবাদ এফ চি

ISL Hyderabad FC

উত্তৰ-পূৰ্বাঞ্চলত যোগ্যতা থকা ফুটবল খেলুৱৈ বিচাৰি বাচনি প্ৰক্ৰিয়া শিবিৰ আৰম্ভ কৰিছে দেশৰ আগশাৰীৰ ফুটবল লীগ আই এছ এল- ৰ দল তথা প্ৰতিযোগিতাখনৰ ডিফেণ্ডিং চেম্পিয়ন হাইদৰাবাদ এফ চি- এ| ১৫ আৰু ১৮ বছৰ অনুৰ্ধৰ নতুন দল গঠনৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত ক্লাবটোৱে বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিছে|

মঙ্গলবাৰৰ পৰা বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দলটোৱে তিনিদিনীয়া কাৰ্যসূচীৰে বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে|

মঙ্গলবাৰে অনুষ্ঠিত হোৱা ১৫ অনুৰ্ধৰ শাখাত অসমৰ বিভিন্ন জিলাৰ পৰা ২০০ ৰো অধিক কিশোৰে এই বাচনি প্ৰক্ৰিয়া শিবিৰত অংশগ্ৰহণ কৰিছে| প্ৰথমটো বাচনি শিবিৰত বিধায়ক ল’ৰেন্স ইছলাৰীয়ে উপস্থিত থাকি দেশৰ অন্যতম জনপ্ৰিয় ফুটবল ক্লাব হায়দৰাবাদ এফচি- ৰ এই প্ৰক্ৰিয়াক প্ৰশংসা কৰে|

হায়দৰাবাদ এফচি- ৰ প্ৰশিক্ষক থাংবো সিংবোয়ে সংবাদ মাধ্যমৰ আগত কয় যে, হায়দৰাবাদ এফ চি- এ ১৫ আৰু ১৮ অনুৰ্ধৰ নতুন দল গঠনৰ সিদ্ধান্ত লৈছে আৰু এই লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত ফুটবল প্ৰতিভাৱান খেলুৱৈ বিচাৰি এই বাচনি প্ৰক্ৰিয়া শিবিৰ আয়োজন কৰা হৈছে|

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থায়ো হায়দৰাবাদ এফচি ৰ এই পদক্ষেপক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে| বিটিআৰৰ লগতে অসমৰ প্ৰতিভাৱান খেলুৱৈয়ে হাইদৰাবাদ এফ চি- ক প্ৰতিনিধিত্ব কৰি আই এছ এল- ত খেলিবলৈ পাব বুলি আশা কৰিছে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাই|