সম্প্রীতিৰ নিদৰ্শন; বৰপেটাৰ ইছলাম ধৰ্মৱালম্বী লোকৰ গৃহত ব্যতিক্ৰমীভাবে পালন ৰঙালী বিহু

Rongali_20190407_1

প্ৰতিনিধিত্বমূলক ছবি

ক’ৰ’না ভাইৰাছৰ বাবে দেশজুৰি বলবৎ হৈ লক ডাউনৰ বাবে বৰপেটা চহৰৰ ইছলাম ধৰ্মৱালম্বী এগৰাকী লোকৰ গৃহত ব্যতিক্ৰমীভাবে পালন কৰিছে ৰঙালী বিহু৷

চহৰখনৰ আজাদ নগৰ নিবাসী তথা বিশিষ্ট সমাজকৰ্মী ৰিংকু আহমেদৰ বাসগৃহৰ চাদত অসমীয়াৰ বাপতী সাহোন বিহু পালন কৰা হয়৷ ৰিংকু আহমেদৰ পৰিয়ালৰ সদস্যসকলে বিহু নৃত্য পৰিবেশন কৰি ৰঙালী বিহু উদযাপন কৰে৷

ৰিংকু আহমেদৰ পৰিয়ালৰ সদস্য ক্ৰমে নেইন ইবটিচাম (গুণগুণ), ৰিব্বা চুলতানা(মাইনা) আৰু তানিচা আহমেদ( জেবিন)য়ে এককভাবে বিহু নৃত্য পৰিবেশন কৰাৰ লগতে সুমন আহমেদ, ছেমিনা বেগম খান উৰ্মিলা বেগম আৰু ৰিংকু আহমেদৰ সৈতেও দলীয়ভাবে বিহু নৃত্য পৰিবেশন কৰে৷

আৰম্ভণিতে নৰ্থ ইষ্ট নাওৰ বৰপেটাৰ সংবাদদাতা পুলেন্দ্ৰ দাসৰ লগতে অন্য দুগৰাকী সংবাদকৰ্মী ক্ৰমে চফিক আহমেদ আৰু মফিদুল হকক ফুলাম গামোচাৰে বিহুৰ ওলগ জনায় পৰিয়ালৰ সদস্যসকলে ৷