NORTHEAST NOW (Assamese)

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

May 16, 2025 7:33 pm · নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 16, 2025 6:40 pm

অসমৰ বিতৰ্কিত লেখক ইছমাইল হুছেইনক গ্ৰেপ্তাৰ কৰিছে মঙলদৈ আৰক্ষীয়ে।

প্ৰথমে হুছেইনক যোৰহাট আৰক্ষীয়ে আটক কৰে। তাৰপিছত মঙলদৈ সদৰ থানাৰ এটা আৰক্ষীৰ দলে যোৰহাটৰ গড়আলিৰ পৰা নিজৰ জিম্মাত লয়।

জানিব পৰা মতে, উৰ্মিমালা দত্ত নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ইছমাইল হুছেইনৰ বিৰুদ্ধে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰিছিল। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, হুছেইনে সামাজিক মাধ্যমত মহিলাগৰাকীক অশালীন মন্তব্য কৰিছিল। এই অভিযোগৰ ভিত্তিতেই হুছেইনক আটক কৰা হয়।

সূত্ৰ অনুসৰি, গুৱাহাটীৰ বাসিন্দা ইছমাইল হুছেইনৰ মোবাইলৰ লোকেশ্যন ট্ৰেক কৰি যোৰহাটৰ পৰা আটক কৰা হৈছে।

Related News