• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাজাত ইজৰাইলৰ অভিযানত নিহত হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2024 9:36 am
সংগঠন হামাছৰ মুৰব্বী ইয়াহিয়া ছিনোৱাৰক হত্যাৰ দাবী কৰিছে ইজৰাইলে।

সংগঠন হামাছৰ মুৰব্বী ইয়াহিয়া ছিনোৱাৰক হত্যাৰ দাবী কৰিছে ইজৰাইলে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলে পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰক হত্যাৰ দাবী কৰিছে। ইজৰাইলী বাহিনীয়ে বুধবাৰে দক্ষিণ গাজাত এক অভিযানত ছিনৱাৰ নিহত হোৱা বুলি জানিবলৈ দিয়ে। কিছু মাহ পূৰ্বে হামাছৰ প্ৰাক্তন মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰা হৈছিল। ছিনৱাৰৰ হত্যাত সংগঠনটোৱে নতুনকৈ ডাঙৰ আঘাতৰ সন্মুখীন হ’ল।

বৃহস্পতিবাৰে ইজৰাইলৰ সামৰিক আৰু চোৰাংচোৱা সংস্থা শ্বিন বেট-ৰ যৌথ বিবৃতিত কোৱা হৈছে যে ইজৰাইলৰ সেনাৰ ৮২৮ নং ব্ৰিগেডৰ দক্ষিণ গাজা  চলোৱা অভিযানত তিনিজন লোক নিহত হৈছে। মৃতদেহ তিনিটা চিনাক্ত হোৱাৰ পিছতে ইয়াহিয়া ছিনৱাৰৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে হামাছে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

অৱশ্যে ছিনৱাৰৰ মৃত্যুৰ বিষয়টো ইজৰাইলৰ বৈদেশিক মন্ত্ৰী ইজৰাইল কাটজে নিশ্চিত কৰিছিল। এক বিবৃতিত তেওঁ কয় যে যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলত সংঘটিত হোৱা হত্যাকাণ্ড আৰু অত্যাচাৰৰ বাবে ইয়াহিয়া ছিনৱাৰ দায়ী। তেওঁক হত্যা কৰাটো ইজৰাইলৰ সামৰিক বাহিনীৰ বাবে এক বৃহৎ সামৰিক আৰু নৈতিক জয়।

লগতে পঢ়কঃ পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই

যোৱা জুলাই মাহত ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইলৰ আক্ৰমণত নিহত হৈছিল হামাছৰ ৰাজনৈতিক শাখাৰ তেতিয়াৰ মুৰব্বী ইছমাইল হানিয়া। তাৰ পিছত ছিনৱাৰক হামাছৰ মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ বহুদিন ইজৰাইলত বন্দী হৈ আছিল। ২০১১ চনত বন্দী বিনিময়ৰ অধীনত তেওঁক মুকলি কৰি দিয়া হৈছিল।

ইপিনে প্ৰায় দুসপ্তাহ ধৰি ইজৰাইলে গাজাত সাহায্য প্ৰৱেশ কৰিবলৈ দিয়া নাই। ইজৰাইলৰ ‘ক্ষুধাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা’ নীতিয়ে এক নতুন বিতৰ্কৰ সূচনা কৰিছে। আমেৰিকাই কয় যে ৱাশ্বিংটনে ইজৰাইলে “ক্ষুধাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ নীতি” প্ৰয়োগ কৰিছে নে নাই সেইটো নিৰীক্ষণ কৰি আছে।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি অক্টোবৰৰ আৰম্ভণিৰ পৰা ১৩ দিন ধৰি ইজৰাইলে কোনো ধৰণৰ সাহায্য গাজাত প্ৰৱেশ কৰিবলৈ দিয়া নাই। পিছত আমেৰিকাকে ধৰি পশ্চিমীয়া দেশৰ হেঁচাত যোৱা বুধবাৰে ইজৰাইল চৰকাৰে ৫০খন সাহায্যবাহী ট্ৰাকৰ প্ৰৱেশৰ অনুমতি দিছিল। এই অৱৰোধ উপত্যকাত দিনটোত ৩৫০ ট্ৰাক সাহায্যৰ প্ৰয়োজন।

লগতে পঢ়কঃ আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া

পেলেষ্টাইন শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা ইউএনআৰডব্লিউ-য়ে সকীয়াই দিছে যে গাজাত দুৰ্ভিক্ষৰ প্ৰকৃত আশংকা আছে। বুধবাৰে বাৰ্লিনৰ এটা সংস্থাৰ মুৰব্বী ফিলিপে লাজাৰিনিয়ে কয় যে ইয়াত প্ৰকৃত বিপদ আছে। আমি এনে এটা পৰিস্থিতিত প্ৰৱেশ কৰিছো, দুৰ্ভাগ্যজনকভাৱে, য’ত পুনৰ দুৰ্ভিক্ষ আৰু তীব্ৰ অপুষ্টি  ঘটাৰ আশংকা দেখা দিছে।

ইপিনে, লেবাননৰ সীমান্তত ইজৰাইল বাহিনী আৰু হিজবুল্লাহৰ মাজত তীব্ৰ যুদ্ধৰ বাতৰি পোৱা গৈছে। ইজৰাইলে পুনৰ লেবাননৰ টায়ৰে আৰু বেকা অঞ্চলৰ বাসিন্দাসকলক ঘৰ এৰি যাবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও কালি তেওঁলোকে দক্ষিণ লেবাননত ব্যাপক বিমান আক্ৰমণ চলায়।

Raw footage of Yahya Sinwar’s last moments: pic.twitter.com/GJGDlu7bie

— LTC Nadav Shoshani (@LTC_Shoshani) October 17, 2024

আনহাতে, বৃহস্পতিবাৰ আৰু তাৰ আগদিনা বুধবাৰে লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাই ইজৰাইলৰ দুখন মাৰাকাভা টেংক ধ্বংস কৰাৰ দাবী উত্থাপন কৰে। হিজবুল্লাই কয় যে সীমান্ত অঞ্চলত হোৱা মুখামুখিৰ সময়ত দুখন টেংক “গাইডেড মিছাইল”ৰ দ্বাৰা ধ্বংস কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd