লেবাননত ইজৰাইলৰ ভয়াবহ বিমান আক্ৰমণ; পূৰ্ণাংগ যুদ্ধ বিয়পি পৰাৰ আশংকা

ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ সেনাই দক্ষিণ লেবাননত হিজবুল্লাহ যোদ্ধা বিমানক লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। ইজৰাইলে দেশৰ দক্ষিণ অংশত পেজাৰ আৰু ৰেডিঅ’ৰ দৰে বেতাঁৰ যোগাযোগৰ যন্ত্ৰ বিস্ফোৰণ ঘটোৱাৰ পিছত এই আক্ৰমণ সংঘটিত কৰে।

এই ঘটনাত তাৎক্ষণিকভাৱে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ইয়াৰ উপৰি আমেৰিকা আৰু ব্ৰিটেইনে আৰু উত্তেজনা আৰু সংঘাত বৃদ্ধি নকৰি সংযমৰ আহ্বান জনাইছে।

শুকুৰবাৰে (২০ ছেপ্টেম্বৰ) এক প্ৰতিবেদনত ৰয়টাৰে এই তথ্য প্ৰকাশ কৰিছে। খবৰ অনুসৰি প্ৰায় বছৰজোৰা যুদ্ধৰ মাজত বৃহস্পতিবাৰে গভীৰ নিশা দক্ষিণ লেবাননত ইজৰাইলৰ যুদ্ধ বিমানে আটাইতকৈ ভয়াৱহ আক্ৰমণ সংঘটিত কৰে।

লগতে পঢ়কঃ তিৰুপতি মন্দিৰৰ লাড়ুত মাছৰ তেল-গৰুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে; দাবী চৰকাৰী প্ৰতিবেদনত

পশ্চিমৰ পৰা সংযমৰ আহ্বানৰ মাজতে সংঘটিত এই আক্ৰমণৰ ফলত ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে।

হোয়াইট হাউছে কয় যে সংকটৰ কূটনৈতিক সমাধান সম্ভৱ আৰু অপৰিহাৰ্য। ইয়াৰ উপৰিও ব্ৰিটেইনে ইজৰাইল আৰু হিজবুল্লাহৰ মাজত অনতিপলমে যুদ্ধবিৰতিৰ আহ্বান জনায়।

হোৱাইট হাউছৰ মুখপাত্ৰ কেৰিন জিন-পিয়েৰে এক ব্রিফিঙত কয় যে আমেৰিকা সংঘাত আৰু উত্তেজনাৰ সম্ভাৱ্য বৃদ্ধিৰ বিষয়ে শংকিত আৰু চিন্তিত৷

লগতে পঢ়কঃ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অনুৰাগ গোৱেলৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ

ইফালে ইজৰাইলৰ সেনাই জনোৱা মতে, বৃহস্পতিবাৰে গভীৰ নিশা দুঘণ্টাৰ ভিতৰত দক্ষিণ লেবাননত ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে সাজু কৰি ৰখা শতাধিক ৰকেট লঞ্চাৰ বেৰেলত তেওঁলোকৰ যুদ্ধ বিমানে আঘাত হানে।