ইজৰাইলৰ বিমান আক্ৰমণত নিহত পেলেষ্টাইনৰ প্ৰসিদ্ধ বিজ্ঞানী

ইজৰাইলৰ বিমান আক্ৰমণত নিহত পেলেষ্টাইনৰ প্ৰসিদ্ধ বিজ্ঞানী ছুফিয়ান তায়েহ। ফাইল ফটোঃ সংগ্ৰহীত।

গাজা ষ্ট্ৰিপৰ উত্তৰ দিশৰ ফালুজা চহৰত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে পেলেষ্টাইনৰ প্ৰসিদ্ধ বিজ্ঞানী ছুফিয়ান তায়েহ। ইজৰাইলৰ আক্ৰমণত তেওঁৰ পৰিয়ালৰ আন সদস্যসকলো নিহত হোৱা বুলি শনিবাৰে পেলেষ্টাইনৰ উচ্চ শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি উত্তৰ গাজাৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত আল-ফালুজা চহৰত ইজৰাইলৰ সেনাই বিমান আক্ৰমণ চলাইছিল। এই আক্ৰমণত প্ৰসিদ্ধ পেলেষ্টাইনী বিজ্ঞানী চুফিয়ান তায়েহ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল নিহত হয়।

বিজ্ঞানী চুফিয়ান তায়েহ পেলেষ্টাইনৰ ইছলামিক ইউনিভাৰ্চিটি অৱ গাজাৰ প্ৰেছিডেন্ট আছিল। তেওঁ আছিল পদাৰ্থ বিজ্ঞান আৰু ফলিত গণিতৰ এজন আগশাৰীৰ পেলেষ্টাইনী গৱেষক।

বাতৰি অনুসৰি, অৱৰুদ্ধ উপকূলীয় উপত্যকাৰ সৰ্ববৃহৎ ইছলামিক বিশ্ববিদ্যালয়ৰ মুৰব্বী আছিল তায়েহ। তেওঁ বিশ্বৰ শীৰ্ষ ২ শতাংশ গৱেষকৰ ভিতৰত স্থান লাভ কৰিছিল।

বিজ্ঞানী চুফিয়ান তায়েহক পেলেষ্টাইনত ইউনেস্ক’ৰ জ্যোতিৰ্বিজ্ঞান, জ্যোতিৰ্পদাৰ্থবিজ্ঞান আৰু মহাকাশ বিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল।