ইজৰাইলৰ বিমান আক্ৰমণত নিহত হিজবুল্লাহৰ কমাণ্ডাৰ; শলঠেকত লেবাননৰ উগ্ৰপন্থী গোট

ফটোঃ সংগ্ৰহীত।

ইজৰাইলে হত্যা কৰিলে হিজবুল্লাহৰ শীৰ্ষ কমাণ্ডাৰ ইব্ৰাহিম আকিলক। শুকুৰবাৰে বেইৰুটত বিমান আক্ৰমণত নিহত হোৱা বুলি ঘোষণা কৰিছে বেঞ্জামিন নেতানিয়াহুৰ দেশখনে। খবৰ অনুসৰি হিজবুল্লাহৰ ঘাটিত সংঘটিত আক্ৰমণত কেৱল কমাণ্ডাৰজনেই নহয়, ১৪জন নিহত হৈছে। ইয়াৰে ১০ জন শীৰ্ষস্থানীয় আছিল। আহত হয় ৬৬ জন।

১৯৮৩ চনত বেইৰুটত থকা আমেৰিকাৰ দূতাবাস আৰু নৌসেনাৰ ঘাটিত আক্ৰমণৰ নেতৃত্ব দিছিল হিজবুল্লাহৰ জ্যেষ্ঠ নেতা ইব্ৰাহিম আকিলে। তেতিয়াৰ পৰাই আকিল আমেৰিকাৰ স্ক্যানাৰত আছিল। হিজবুল্লাই তেওঁলোকৰ ‘মহান জেহাদী নেতা’ৰ মৃত্যুৰ কথা বিবৃতিযোগে ঘোষণা কৰে।

১৯৮৩ চনৰ এই আক্ৰমণত লেবাননত বাস কৰা এশৰো অধিক আমেৰিকান নাগৰিকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই আমেৰিকাই এই আকিলৰ মূৰৰ দাম ৭০ লাখ টকা ৰাখিছে। ১৯৮০ চনত আমেৰিকান আৰু ইউৰোপীয়সকলৰ অপহৰণৰ লগতো জড়িত আছিল আকিল।

লগতে পঢ়কঃ ‘ফেক্ট চেক ইউনিট’ক লৈ আদালতত মুখথেকেচা খালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে

শুকুৰবাৰে ইজৰাইলৰ বিমান আক্ৰমণত দক্ষিণ বেইৰুটৰ হিজবুল্লাহৰ এটা ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হয়। একাধিক অট্টালিকা ক্ষতিগ্ৰস্ত হয়। আশংকা কৰা হৈছে যে এতিয়াও বহু লোক ধ্বংসাৱশেষৰ ভিতৰত আবদ্ধ হৈ আছে। উদ্ধাৰৰ কাম চলি আছে। ইয়াৰ প্ৰতিশোধ হিচাপে হিজবুল্লাই ইজৰাইলৰ সামৰিক ঘাটিত একাধিক ৰকেট আক্ৰমণো চলায়।

আকিলৰ মৃত্যুৱে হিজবুল্লাহ গোটক কঁপাই তুলিছে। কিছুদিন পূৰ্বে আন এক অনুৰূপ বিমান আক্ৰমণত নিহত হৈছিল হিজবুল্লাহৰ আন এজন কমাণ্ডাৰ ফৌয়াদ চুকাৰ। দুজন নেতাক হেৰুৱাই এই উগ্ৰপন্থী সংগঠনটোৰ অৱস্থা অলপ থৰক বৰক হৈ পৰিছে।

ইতিমধ্যে একেৰাহে পেজাৰ আৰু ৱাকি-টকি বিস্ফোৰণত হিজবুল্লাহৰ ৩৭ জন সদস্য নিহত হৈছে। এই আক্ৰমণৰ বাবে ইজৰাইলক জগৰীয়া কৰে হিজবুল্লাই। প্ৰতিশোধৰ সতৰ্কবাণীও দিয়া হৈছে। কিন্তু তাৰ আগতে দেখা গ’ল যে জেৰুজালেমত এটাৰ পিছত এটা ৰকেটৰ আক্ৰমণ আৰম্ভ হ’ল।

লগতে পঢ়কঃ আজি চলি আছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ; ৰক্ষা হ’বনে ৰানিল বিক্ৰমাসিংঘেৰ গাদী?

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰসংঘ। সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে দুয়োপক্ষক আক্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ইৰাণেও ইজৰাইলৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। যদিও দেশখনে সদায় হিজবুল্লাহকে সমৰ্থন কৰি আহিছে।

যোৱা বছৰৰ অক্টোবৰ মাহত হামাছ উগ্ৰপন্থী সংগঠনটোৱে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা লেবাননৰ সীমান্তত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত প্ৰায় প্ৰতিদিনে গুলীয়াগুলীৰ ঘটনা চলি আহিছে।