• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

গাজাত মাজনিশা পুনৰ ইজৰায়েলৰ আক্ৰমণ! ২৩ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 4:05 pm
গাজাত মাজনিশা পুনৰ ইজৰায়েলৰ আক্ৰমণ! ২৩ জনৰ মৃত্যু
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাত মাজনিশা পুনৰ আক্ৰমণ চলালে ইজৰায়েলী সেনাই। সাময়িক যুদ্ধবিৰতিৰ পিছত এই নৱম দিনতো গাজাত আক্রমণ অব্যাহত ৰাখিছে ইজৰায়েলী সেনাই। ‘আল জাজ়িৰা’ৰ প্ৰতিবেদন অনুসৰি, এই অক্ৰমণত ৭ শিশুসহ ২৩ জনৰ মৃত্যু হৈছে আৰু যথেষ্ট সংখ্যক আহত হৈছে বুলি খবৰ পোৱা গৈছে। আক্ৰমণত হতাহতৰ প্ৰায়ভাগ দক্ষিণ আৰু মধ্য গাজাৰ বাসিন্দা।

ইফালে, সোমবাৰে ছিৰিয়াৰ দুটা বিমানঘাঁটিতো ইজৰায়েলে হামলা চলাইছে, যিটো কেইদিনমান আগতেও আক্রমণৰ চিকাৰ হৈছিল। ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ কূটনীতিবিদ কাজা কল্লাছে এই আক্ৰমণৰ বিৰুদ্ধে অসন্তোষ প্ৰকাশ কৰি কয় যে বাচাৰ-আল-আছদৰ চৰকাৰ পতনৰ পিছত ছিৰিয়াই ইজৰায়েলৰ ওপৰত আক্রমণ কৰা নাই। তেওঁ সতর্ক কৰি দিছে যে, এনে আক্ৰমণৰ ফলত পৰিস্থিতি জটিল কৰি তুলিব।

দেওবাৰে দক্ষিণ গাজাৰ সৰ্ববৃহৎ নাছেৰ হাস্পতালতো ইজৰায়েলৰ আক্ৰমণত অগ্নিকাণ্ড সংঘটিত হৈছিল। ইজৰায়েল ডিফেন্স ফ’ৰ্চে (আইডিএফ) দাবি কৰিছে যে, এই আক্ৰমণত হামাছৰ এগৰাকী শীৰ্ষনেতাৰ মৃত্যু হৈছে। হামাছ পৰিচালিত স্বাস্থ্য মন্ত্ৰণালয়ৰ উদ্ধৃতি দি এপিয়ে জনাইছে, হাস্পতালত যুদ্ধত আঘাত প্ৰাপ্ত বহু ৰোগীৰ চিকিৎসা চলি থকাৰ সময়ত শল্যচিকিৎসা বিভাগত বোমা পৰাত অগ্নিকাণ্ড সংঘটিত হৈছিল, এজনৰ মৃত্যুৰ লগতে বহুতো আহত হৈছে।

উল্লেখ্য যে ২০২৩ৰ দ্বিতীয়াৰ্ধৰ পৰা ইজৰায়েল আৰু হামাসৰ মাজত চলা ১৮ মাহৰ যুদ্ধত গাজ়াত ৫০ হাজাৰতকৈ অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে বুলি হামাছে দাবী কৰিছে। জানুৱাৰীত সাময়িক যুদ্ধবিৰতিৰ পিছতো ইজৰায়েলে চুক্তি ভংগ কৰি পুনৰ আক্ৰমণ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে কৈছে, সকলো পণবন্দীক মুক্তি আৰু হামাছক সম্পূৰ্ণৰূপে ধ্বংস নোহোৱালৈকে যুদ্ধ চলি থাকিব। আমেৰিকাৰ সৈতে আলোচনাৰ পিছতো যুদ্ধবিৰতি ভংগ কৰাৰ কথা তেওঁ স্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm
লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd