যুদ্ধভূমিৰ নৃশংসতা! গাজাৰ স্কুলত ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত কমেও ৫০ জন

ফটোঃ সংগ্ৰহীত।

পেলেইস্তানৰ অৱৰুদ্ধ গাজা উপত্যকাৰ বিদ্যালয়সমূহতো ইজৰাইলৰ বাহিনীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। আন বহু লোক আহত হৈছে।

অৱৰুদ্ধ উপত্যকাৰ উত্তৰ অংশৰ দুখন বিদ্যালয়ত পৃথকে পৃথকে চলোৱা আক্ৰমণৰ ফলত এই লোকসকলৰ মৃত্যু হয়। আক্রমণৰ বলি বিদ্যালয় দুখনত স্থানচ্যুত লোকে আশ্ৰয় লৈছিল।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে গাজা ষ্ট্ৰিপৰ উত্তৰত অৱস্থিত দাৰাজ অঞ্চলৰ দুখন বিদ্যালয়ত ইজৰাইলে বিমান আক্ৰমণ চলোৱাত এই লোকসকলৰ মৃত্যু হয়।

লগতে পঢ়কঃ প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৭ অক্টোবৰৰ পৰা অৱৰুদ্ধ গাজাত ইজৰাইলী বিমান আৰু স্থলসেনাৰ আক্ৰমণত কমেও ১৫ হাজাৰ ৮৯৯ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰে ৭০ শতাংশ মহিলা বা ১৮ বছৰৰ তলৰ শিশু।

তদুপৰি আন হাজাৰ হাজাৰ লোক সন্ধানহীন হৈ আছে। তেওঁলোক ধ্বংসাৱশেষৰ তলত পোত খাই থাকিব পাৰে বুলি আশংকা কৰা হৈছে। ইয়াৰ উপৰিও ইজৰাইলৰ আক্ৰমণত উপত্যকাটোত আহত লোকৰ সংখ্যা বহু আগতেই ৩০ হাজাৰ অতিক্ৰম কৰিছে।