NORTHEAST NOW (Assamese)

‘ইজৰাইলৰ এগৰাকী প্ৰকৃত বন্ধু”; সুশান্তৰ মৃত্যুত ইজৰাইলৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ শোক প্ৰকাশ

June 17, 2020 9:21 pm · এন ই নাও নিউজ
সুশান্ত সিং ৰাজপুত

বলিউদৰ জনপ্ৰিয় যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ইজৰাইলে।

ইজৰাইলৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ সহকাৰী সঞ্চালক প্ৰধান জিলাদ কোহেনে সুশান্তৰ মৃত্যুত শোক ব্যক্ত কৰি টুইট কৰে।

”ইজৰাইলৰ প্ৰকৃত বন্ধু সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছো, তোমাৰ অনুপস্থিতি অনুভৱ কৰা যাব,” কোহেনে লিখে।

আনহাতে, টুইটাৰত কোহেনে সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোক ব্যক্ত কৰাৰ লগতে সুশান্তৰ চলচ্চিত্ৰ ড্ৰাইভৰ ‘মাখনা’ শীৰ্ষক গীতৰ ভিডিঅ’ৰ লিংক সংলগ্ন কৰে।

‘মাখনা’ গীতটোৰ শ্বুটিং ইজৰাইলত সম্পন্ন কৰা হৈছিল।

উল্লেখযোগ্য যে, সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বান্দ্ৰাস্থিত নিজ বাসগৃহত চীপ লৈ আত্মহত্যা কৰিছিল।

অভিনেতা গৰাকীৰ মৃত্যুৰ পাছতে তেওঁৰ দেশে-বিদেশে থকা অনুৰাগী সকলে গভীৰ শোক ব্যক্ত কৰিছে।

ভাৰতীয় ক্ৰিকেটাৰ সকলৰ লগতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ শ্বেন ৱাটছন, ডেভিড ৱাৰ্ণাৰেও সুশান্তৰ মৃত্যুত স্তম্ভিত হৈ শোক প্ৰকাশ কৰিছিল।

Related News